অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মূলৰ ইছলাম ধৰ্মী লোকৰ কৌশলপূৰ্ণ আগ্ৰাসনৰ পৰা মূল সুঁতিৰ খিলঞ্জীয়া হিন্দু ধৰ্মাৱলম্বী লোকৰ মাটি সম্পত্তি ৰক্ষাৰ বাবে চলিত বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ অন্য ধৰ্মৰ মাটি অন্য ধৰ্মৰ লোকে ক্ৰয় – বিক্ৰয় কৰাৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোকৰ মাটি ইছলাম ধৰ্মী লোকে ক্ৰয় কৰিব লগা হলে আৰক্ষীৰ বিশেষ শাখাৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ অনুমোদন বাধ্যতামূলক কৰা হৈছিল। একেদৰে হিন্দু বসতি প্ৰধান অঞ্চলত বা হিন্দু ধৰ্মাৱলম্বী লোকৰ মাটি ইছলাম বা অন্য ধৰ্মৰ লোকে বেদখল কৰিলে তাক নতুন ভাৰতীয় ন্যায় সংহিতা আইনৰ আধাৰত অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰি তেনে অপৰাধী লোকৰ বিৰুদ্ধে জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিবলৈও আৰক্ষী বিভাগক নিৰ্দেশনা দিয়া হৈছিল। কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৰণৰ কঠোৰ পদক্ষেপক তেনে বেদখলকাৰী চক্ৰই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বৰ্তমান জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পশ্চিম জালুকবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত। আনটো বাদেই তেনে ভূ – মাফিয়া প্ৰকৃতিৰ ইছলাম ধৰ্মী লোকৰ দ্বাৰা পৰিচালিত দুষ্ট চক্ৰই পশ্চিম জালুকবাৰীৰ লংকেশ্বৰ অঞ্চলৰ নমঃশূদ্রপাৰাত চলে বলে কৌশলে চৰকাৰী ভূমিত ১৯৬০ চনৰ পৰা চলি অহা ৰাজহুৱা শ্মশান পৰ্যন্ত বেদখল কৰি আহিছে । ফলত এই বিষয়টোক লৈ অঞ্চলটোত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা ঘনীভূত হৈছে। জানিব পৰা মতে ভূ-মাফিয়াৰ দৌৰাত্ম্য ৰোধ কৰাৰ দাবীত পূর্বতে পশ্চিম জালুকবাৰী নমঃশূদ্ৰপাৰা ৰাইজ কমিটীয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
সেই স্মাৰক পত্ৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজা বৈশ্যৰ সৈতে প্ৰায় তিনিমাহ পূৰ্বে ভূ- মাফিয়া চক্ৰই ৰাজহুৱা শ্মশানসহ বেদখল কৰা জালুকবাৰী মৌজাৰ পশ্চিম জালুকবাৰী ৰাজহ গাঁৱৰ ৩৩৭ নম্বৰ আৰু ২০৮ নম্বৰ দাগৰ ভূমি পৰিদৰ্শন কৰিছিল। উল্লেখ্য যে ইয়াৰ ভিতৰত ৩৩৭ নম্বৰ দাগৰ ৫ বিঘাৰো অধিক চৰকাৰী ভূমিৰ প্ৰায় আধা অংশ ৰাইজে ১৯৬০ চনৰ পৰা শ্মশান হিচাপে ব্যৱহাৰ কৰি আহিছিল । পাছত চক্ৰ বিষয়াই চৰ জমিন তদন্ত কৰি ইয়াৰ চিৰস্থায়ী সমাধান কৰাৰ বাবে যোৱা ৩০ অক্টোবৰত অসম জৰীপ বিভাগৰ দ্বাৰা জৰীপ কৰাৰ ব্যৱস্থা কৰায়। সেই অনুসৰি সিদিনা অসম জৰীপ বিভাগৰ জৰীপ বিষয়াই সেই চৰকাৰী ভূমিত উপস্থিত হৈ পশ্চিম জালুকবাৰীৰ লাটৰ লাট মণ্ডলৰ সৈতে জৰীপ কাৰ্য চলায়। কিন্তু সেই জৰীপৰ প্ৰতিবেদন অহাৰ আগতেই ৪ নৱেম্বৰৰ দিনা নিশাৰ ভিতৰতে জৰীপ চলোৱা চৰকাৰী ভূমিত সেই দুষ্ট চক্ৰই আগৰ বেৰ ভাঙি নতুনকৈ বেৰ দি ভূমিখণ্ড বেদখল কৰে। ৫ নৱেম্বৰত পুৱা ৰাইজে সেই ভূমিত নতুন বেৰ দেখি হতভম্ব হৈ পৰে। তাৰ পাছত পশ্চিম জালুকবাৰী নম:সুদ্ৰপাৰা ৰাইজৰ ফালৰ পৰা সিদিনাই ছালাম উপাধিৰ এজন অধিবক্তাৰ উপৰিও ভাং ব্যৱসায়ী মিলন দাস আৰু সদৌ অসম বিকলাংগ সন্থাৰ নামত বেদখলকাৰ্য চলোৱা বুলি জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল । কিন্তু অভিযোগ দাখিল কৰাৰ ১৭ টাকৈ দিন পাৰ হোৱাৰ পাছতো জালুকবাৰী আৰক্ষীয়ে বেদখলকাৰী সকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ স্বাভাবিকতে হতাশ হোৱাৰ লগতে আৰক্ষীৰ ওপৰতো ক্ষুব্ধ হৈ পৰিছে।
যাৰ বাবে ৰাইজে পুনৰ বিষয়টো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ২০২৪ বৰ্ষৰ জানুৱাৰী মাহতো সেই ভূ-মাফিয়া চক্রটোৱে নিশাৰ ভিতৰতে সেই মূল্যবান চৰকাৰী ভূমি বেদখল কৰাৰ লক্ষ্যৰে শৱদেহ দাহন কৰা অসম আৰ্হিৰ ঘৰ জ্বলাই দিয়াৰ লগতে ফলকসমূহ ভাঙি পেলাইছিল । ৰাইজে পৰৱৰ্তী আঠ ফেব্ৰুৱাৰীত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তক সাক্ষাৎ কৰি মাটিখিনি বেদখলমুক্ত কৰাৰ দাবীত এখন স্মাৰক পত্ৰ পৰ্যন্ত প্ৰদান কৰিছিল । কৰে। আয়ুক্তই এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে যদিও কার্যক্ষেত্রত একো নকৰাত ৰাইজে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। গুৰুত্বপূৰ্ণ কথা যে হিন্দু বসতিপ্রধান লংকেশ্বৰৰ নমঃশূদ্ৰপাৰাত ইছলামধর্মী অধিবক্তাৰ নেতৃত্বত ভূ-মাফিয়া চক্ৰই শ্মশানৰ মাটি বেদখল কৰাক কেন্দ্ৰ কৰি আগন্তুক সময়ত অঞ্চলটোৰ সাম্প্রদায়িক সম্প্ৰীতিৰ এনাজৰীডালত আঘাত কৰাৰ আশংকা ব্যক্ত কৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন লোকে।
