আহমেদাবাদত অনুষ্ঠিত হৈ থকা কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা ভাৰোত্তোলক মিৰাবাঈ চানুৱে স্বৰ্ণ পদক অৰ্জন কৰিছে। ৪৮ কেজি ওজন শাখাত অংশগ্ৰহণ কৰি চানুৱে মুঠ ১৯৩ কেজি ওজন উত্তোলন কৰে। স্নেচত তাইৰ বেষ্ট লিফট আছিল ৮৪ কেজি, আনহাতে ক্লিন এণ্ড জাৰ্কত ১০৯ কেজি উত্তোলন কৰিছিল।
পেৰিছ অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল চানুৱে। ২০২০ চনৰ টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী চানুৱে পেৰিছ অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত হৈছিল। তেতিয়া তেওঁ চতুৰ্থ স্থান দখল কৰিছিল।
আঘাতৰ বাবে প্ৰায় ১ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টৰ পৰা আঁতৰি আছিল চানু। প্ৰথম প্ৰচেষ্টাত ৮৪ কেজি ওজন তুলিব নোৱাৰি সোঁ আঁঠুত ধৰি থকা দেখা গৈছিল। অৱশ্যে দ্বিতীয় প্ৰয়াসত তেওঁ সম ওজন সহজে তুলে। তৃতীয় প্ৰচেষ্টাত ৮৯ কেজি তুলিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে।
