২৩ বছৰৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া

114

কলম্বিয়াই উৰুগুৱেৰ বিৰুদ্ধে উত্তেজাপূৰ্ণ ছেমি ফাইনেলত ১-০ গ’ল জয়ৰে তেওঁলোকে ২৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোপা আমেৰিকা ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হয়। খেলখনৰ অন্তিম হুইচেল বজাৰ পিছত খেলুৱৈ আৰু দৰ্শকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কলম্বিয়াৰ হৈ জেফাৰচন লেৰমাই ৩৯ মিনিটত গ’ল কৰে। কলম্বিয়াই এতিয়া দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন লিয়নেল মেছিৰ আৰ্জেণ্টিনাৰ মুখামুখি হ’ব।

উৰুগুৱেৰ দলটোৱে তৃতীয় স্থানৰ খেলখনত কানাডাৰ সৈতে খেলিব।  কলম্বিয়াই আগতে ২০০১ চনত কোপা আমেৰিকা খিতাপ জিকিছিল। এই খেলখনত, এখন ৰেড কাৰ্ডৰ উপৰিও সাতখন হালধীয়া কাৰ্ড দেখুওৱা হৈছিল। দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত বহুবাৰ কাজিয়া হয়।

খেলখনৰ পিছত ডাৰউইন নুনেজ আৰু উৰুগুৱেৰ ডজনডজন খেলুৱৈয়ে দৰ্শকৰ মাজত হোৱা কাজিয়াত জঁপিয়াই পৰিছিল। এটা ভিডিঅ’ত দেখা গৈছিল যে নুনেজে কলম্বিয়াৰ জাৰ্চী পিন্ধা এজন অনুৰাগীক আঘাত কৰিছিল।