সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন ৪ দিনীয়া এক্সপো আয়োজন কৰিছে। ২৩ মাৰ্চত আৰম্ভ হোৱা এই এক্সপো ২৬ মাৰ্চত সমাপ্ত হ’ব। মাননীয় শ্ৰী ডি কুপ্পুৰামু জী (কয়ৰ ব’ৰ্ডৰ অধ্যক্ষ), মাননীয় শ্ৰী লক্ষ্মণ এছ, আইএএছ (সচিব, অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰ্যালয়) আৰু জীতেন্দ্ৰ কুমাৰ শুক্লা (সচিব, কয়ৰ বোৰ্ড)ৰ উপস্থিতিত এই অনুষ্ঠান উদ্বোধন কৰা হয়।
দেশত কয়ৰ উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন, ১৯৫৩-ৰ অধীনত কয়ৰ বোৰ্ড স্থাপন কৰিছিল। আইনখনৰ অধীনত নিৰ্ধাৰিত ব’ৰ্ডৰ কাৰ্যাৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতিশ্ৰুতি, সহায় আৰু উৎসাহ অন্তৰ্ভুক্ত হৈ আছে।
কয়ৰ উদ্যোগ আইন অনুসৰি নিৰ্দেশিত কাৰ্যসমূহ কয়ৰ বোৰ্ডে বিভিন্ন আঁচনি/কাৰ্যসূচীৰ অধীনত সম্পন্ন কৰে, যাৰ ভিতৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ, প্ৰশিক্ষণ কাৰ্যসূচী, কয়ৰ গোট স্থাপনৰ বাবে বিত্তীয় সমৰ্থন, ঘৰুৱা তথা ৰপ্তানি বজাৰৰ বিকাশ, শ্ৰমিকসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা ইত্যাদি অন্তৰ্ভুক্ত।