বটলিং অপাৰেচন স্থানান্তৰ কৰাৰ কথা ঘোষণা কোকা-কোলাৰ

597

কোকা-কোলাই হিন্দুস্তান কোকা-কোলা বেভাৰেজ প্ৰাইভেট লিমিটেড(এইচচিচিবি)ৰ দ্বাৰা পৰিচালিত ৩টা অঞ্চলত বটলিং অপাৰেচন(কাৰ্যকলাপ) হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। উত্তৰ-পূবৰ বজাৰ আৰু পশ্চিম বংগৰ নিৰ্বাচিত অঞ্চলত মুন বেভাৰেজ প্ৰাইভেট লিমিটেডৰ নেতৃত্বত পৰিচালিত হ’ব। আনহাতে দিল্লী আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ বৰ্তমান এইচচিচিবিয়ে পৰিচালনা কৰি আহিছে। এই কৌশলগত ব্যৱসায়িক হস্তান্তৰক এইচচিচিবি ভাৰতৰ বাবে এক উল্লেখযোগ্য সিদ্ধান্ত হিচাপে গণ্য কৰা হৈছে, কিয়নো ইয়াৰ জৰিয়তে ব্যৱসায়ৰ সকলো অংশতে সঠিক পৰ্যায়ৰ বিনিয়োগ গ্ৰহণ কৰিব পৰাটো নিশ্চিত কৰা হয় আৰু লগতে ব্যৱসায়ৰ সংলগ্নতা আৰু পৰিসৰ বৃদ্ধি কৰিব পাৰি।

এই পদক্ষেপে ভাৰতত কোকা-কোলা চিষ্টেমক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত ই বজাৰ দখল কৰি ব্যৱসায়ত জয়ী হ’ব পাৰিব আৰু স্থানীয় সম্প্ৰদায়সমূহক অধিক মূল্য প্ৰদান কৰিব পাৰিব। গ্ৰাহক, ক্ৰেতা আৰু চিষ্টেম সহযোগীসকলৰ বাবে নূন্যতম বিঘিনিৰ সৈতে এক মসৃণ পৰিৱৰ্তন প্ৰদান কৰিবলৈ এইছচিচিবি প্ৰতিশ্ৰুতিবদ্ধ। বটলিং অপাৰেচনৰ পুনৰ ফ্ৰেঞ্চাইজিং যোগান শৃংখলাক শৃংখলিত কৰা আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিজৰ বাৰ(মাত্ৰা) বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

কোকা-কোলা ইণ্ডিয়াৰ ইণ্ডিয়া অপাৰেচন শাখাৰ উপাধ্যক্ষ সন্দীপ বাজোৰিয়াই কয় যে, “ভাৰতীয় বজাৰত অধিক বিনিয়োগ-প্ৰসাৰৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে এই স্থানান্তৰসমূহে উদ্ভাৱন, আন্তঃগাঁথনি, কাৰিকৰী সামৰ্থ্য, প্ৰতিভা আহৰণ আৰু ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিনিয়োগক নিৰ্দেশ প্ৰদান কৰাৰ লগতে বৰ্তমানৰ অৱস্থাকো শক্তিশালী কৰিব যাতে গ্ৰাহকসকলক অতুলনীয় পানীয়ৰ অভিজ্ঞতা প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিব পাৰি।”