শুকুৰবাৰে পুৱা ৰাজপথত এখন CNG পৰিবাহী টেংকাৰত ভয়ংকৰ বিস্ফোৰণ হয়। যাৰ ফলত কেইবাখনো বাহনত জুই লাগে। এই জুইৰ ফলত ৬জনকৈ লোকৰ মৃত্যু হয়। জ্বলি যোৱা বাহনত মৃতদেহৰ সন্ধানত এতিয়াও অব্যাহত আছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান।এক ভয়ংকৰ বিস্ফোৰণে জোকাৰি গ’ল ৰাজস্থান।পুৱা প্ৰায় ৫:৩০ বজাত এখন CNG ভৰ্তি টেংকাৰ আন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। তাৰ পিছত টেংকাৰখনত জুই লাগে।ঘটনাস্থলীত ২০খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত জুই নুমুৱাবলৈ চেষ্টা কৰি থকা হৈছে, যদিও এতিয়ালৈকে জুই নিয়ন্ত্ৰণ হোৱা নাই। ৰাজপথটোৰে নিষিদ্ধ কৰা হৈছে যানবাহনৰ চলাচল । জুইৰ ফলত ক’লা ধোঁৱাই ছানি ধৰিছে আকাশ। যি ধোঁৱা কেইবা কিলোমিটাৰ দূৰৰ পৰা দৃশ্যমান হৈছে। ঘটনাস্থলীত বৰ্তমানো উদ্ধাৰ অভিযান চলাই থকা হৈছে।