CMIEৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য, এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ ভাৰতীয় কৰ্মহীন…

62

ডিজিটেল ডেস্কঃ ভাৰতত এতিয়া তীব্ৰ আৰ্থিক সংকটে দেখা দিছে। বহিঃৰাজ্যত কৰ্মৰত লাখ লাখ যুৱক-যুৱতী কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বগৃহলৈ উভতি অহাৰ পিছত ভাৰতত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা।

ভাৰতৰ অৰ্থনীতিৰ ওপৰত নজৰ ৰখা সংস্থা চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি চমুকৈ চিএমআইইৰ তথ্য অনুসৰি জুলাই মাহত ৫০ লাখ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱায়। বিগত বৰ্ষৰ তুলনাত এই বছৰত ১ কোটি ৯০ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে। চিএমআইইৰ এই তথ্যত এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক সময়ত ভাৰতত অধিক আৰ্থিক সংকটে দেখা দিব।

চিএমআইইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত ইয়াৰ প্ৰভাৱ সৰ্বাধিক সংস্থাপনৰ ওপৰতে পৰিছে। আৰ্থিক দুৰাৱস্থাৰ পৰিপ্ৰেক্ষিতত কেৱল জুলাই মাহতে ৫০ লাখ লোক সংস্থাপনহীন হৈছে। আনহাতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজৰ সংস্থাপন হেৰুৱাই এতিয়া ঘৰতে বহিবলগা হৈছে।

তথ্য অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষৰ সংস্থাপনৰ শতকৰাৰ তুলনাত এই বছৰ ১ কোটি ৯০ লাখ সংস্থাপন হ্ৰাস পাইছে। অসংগঠিত ক্ষেত্ৰসমূহত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিছু সংস্থাপন লাভ হ’লেও সংগঠিত ক্ষেত্ৰসমূহত সংস্থাপনৰ সম্ভাৱনা এতিয়াও নিম্নগামী হৈ আছে।