প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ এবাৰ পাকিস্তান সংযোগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নৱবৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে গগৈ পৰিয়ালৰ সৈতে পাকিস্তানৰ সম্পৰ্ক থকাৰ পৰ্যাপ্ত তথ্য-প্ৰমাণ চৰকাৰৰ হাতত মজুত আছে। অতি সোনকালেই এই তথ্যসমূহ ৰাজহুৱা কৰা হ’ব বুলিও তেওঁ হুংকাৰ দিয়ে।
বিজেপিয়ে সামাজিক মাধ্যমত এআই প্ৰযুক্তিৰে নিৰ্মিত “পাইজান” ভিডিঅ’ৰ জৰিয়তে গৌৰৱ গগৈক লক্ষ্য কৰি লোৱা বুলি চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই ভাষ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ সৈতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ গোপন সম্পৰ্ক থকাৰ অভিযোগত পূৰ্বতে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল। উক্ত তদন্তকাৰী দলে যোৱা ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ হাতত ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে।
তদুপৰি, এই তদন্তত ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। ইফালে, তদন্তৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ গোচৰটো অতি সোনকালেই এটা কেন্দ্ৰীয় সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ড০ শৰ্মাই অভিযোগ কৰা মতে, গগৈ পৰিয়াল পাকিস্তানৰ সৈতে গভীৰভাৱে জড়িত আৰু এই তথ্যই ৰাজ্যত এক ডাঙৰ ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰ ফাদিল কৰিব।
অন্যহাতে, এই সকলো অভিযোগক পোনচাটেই নাকচ কৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক এক “চি-গ্ৰেডৰ বলিউডৰ ছবি”ৰ সৈতে তুলনা কৰি তেওঁ কয় যে এনে সস্তীয়া ৰাজনীতি অসমৰ ৰাইজৰ আগত বিফল হ’ব। বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে শাসকীয় পক্ষক প্ৰত্যাহ্বান জনোৱাৰ পাছতে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ সংঘাতৰ সূচনা হৈছে।
