আজি লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী।লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্তু ২০২৭চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই আলোচনা অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাবে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ’ব ।
