৩৩ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এক্স হেণ্ডেলৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিয়ে যে,”সাৱধান ! আমাৰ কঠোৰ প্ৰচেষ্টা অব্যাহত আছে আৰু অনাগত দিনত আৰু অধিক তীব্ৰতৰ হ’ব।” তেওঁ অৱশ্যে কোনটো খণ্ডৰ পৰা তেওঁলোকক পুচ বেক কৰা হৈছে সেই কথা উল্লেখ কৰা নাই। কিন্তু এটা কথা মনকৰিবলগীয়া যে, শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে অধিকাংশ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে
