আজি ৰাজ্যবাসীয়ে উদযাপন কৰিছে অসম দিৱস। এই বিশেষ দিনটোতে ৰাজ্যৰ সকলো জনগোষ্ঠীকে সামৰি বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১২২৮ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অসমলৈ অহাৰ স্মৃতিত ৰাজ্যখনে ‘অসম দিৱস’ উদযাপন কৰাৰ সময়তে তেওঁ এই মন্তব্য প্ৰকাশ কৰে।এক্স হেণ্ডেলত দিয়া এটা পোষ্টত তেওঁ কয়, “আজিৰ দিনটোতে স্বৰ্গদেউ চাওলুং সুকাফা অসমলৈ আহি বৰ অসমৰ ভেঁটি স্থাপন কৰিছিল। আমি অসম দিৱস পালন কৰাৰ লগতে আমি প্ৰতিশ্ৰুতি দিছো যে, তেওঁ কল্পনা কৰা ধৰণে গৌৰৱান্বিত, শক্তিশালী আৰু একত্ৰিত বৰ অসম নিৰ্মাণ কৰা হ’ব।”
