টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ বেংগালুৰুস্থিত অহমিয়াম ইণ্টাৰনেচনেলৰ সৈতে যৌথভাৱে পৰিমাপয়োগ্য,সমন্বিত গ্ৰীণ হাইড্ৰজেন ভিত্তিক শক্তি সমাধানৰ বাবে এক কৌশলগত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্ব ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ সৈতে সংগতি আছে আৰু ২০৭০ চনৰ ভিতৰত মুঠ-শূন্য নিৰ্গমন আৰু ২০৪৭ৰ ভিতৰত শক্তিৰ স্বতন্ত্ৰতা লাভৰ দিশত এক বৃহৎ পদক্ষেপ।
এই সহযোগিতাই টয়োটাৰ প্ৰমাণিত ইন্ধন কোষ প্ৰযুক্তিৰ সৈতে প্ৰটন এক্সচেঞ্জ মেমব্ৰেন (পিইএম) ইলেক্ট্ৰ’লাইজাৰত অহমিয়ামৰ দক্ষতাক একত্ৰিত কৰিছে। দুয়োটা প্ৰতিষ্ঠানে একেলগে ডাটা চেণ্টাৰ, দূৰৱৰ্তী অৱস্থান আৰু ঔদ্যোগিক এপ্লিকেচনৰ দৰে উচ্চ চাহিদা থকা খণ্ডসমূহৰ বাবে মাইক্ৰ’গ্ৰীড সমাধান সৃষ্টিৰ লক্ষ্য লৈছে। টিকেএম-এ কাৰিকৰী আৰু একত্ৰিকৰণ সমৰ্থন প্ৰদান কৰিব, আনহাতে অহমিয়ামে চিষ্টেম ডিজাইন আৰু প্ৰদৰ্শন মূল্যায়নৰ ক্ষেত্ৰত নেতৃত্ব দিব। এই পদক্ষেপে ‘মেক ইন ইণ্ডিয়া “দৃষ্টিভংগী আৰু ভাৰতত টয়োটাৰ দীৰ্ঘদিনীয়া স্বচ্ছ শক্তি ৰোডমেপক শক্তিশালী কৰিছে।
উজনি অসমৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ ডিব্ৰুগড়ত হাইড্ৰজেন শক্তি বিকল্পৰ প্ৰবাহে মনোযোগ আকৰ্ষণ কৰিছে। বিশেষকৈ ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে চহৰখনৰ চাহ, তেল আৰু লজিষ্টিক খণ্ডসমূহে বিকেন্দ্ৰীকৃত হাইড্ৰজেন শক্তি প্ৰণালীৰ পৰা যথেষ্ট লাভান্বিত হ’ব পাৰে। স্থানীয় উদ্যোগৰ নেতাসকলে এই উন্নয়নক আন্তঃগাঁথনি আধুনিকীকৰণ আৰু ৰাষ্ট্ৰীয় বহনক্ষম লক্ষ্যৰ সৈতে একত্ৰিত কৰাৰ এক সুযোগ হিচাপে গণ্য কৰিছে।
