জনতাৰ শিল্পী জুবিন গাৰ্গক অকালতে হেৰুৱাই আজি সকলো ম্ৰিয়মান । ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুক আজিও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে । সোণাপুৰৰ সেউজীয়াৰ মাজত আপোন শিল্পীগৰাকী বিলীন হোৱাৰ পিচতো তেওঁৰ মৃত্য়ুক লৈ সকলোৱে সৰৱ হৈ পৰিছে ।
ছিংগাপুৰৰ সাগৰত সাঁতোৰাৰ ভিডিঅ’ সামাজিক মাধ্য়মত প্ৰচাৰ হোৱাৰ পিচত সকলোৱে তেওঁৰ মৃত্য়ুক লৈ কৰিছে সন্দেহ । ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ সহায়ক সিদ্ধাৰ্থ শৰ্মা, অভিমন্যু তালুকদাৰৰ লগতে আন কেইবাজনলৈ অনুৰাগীয়ে টোৱাইছে সন্দেহৰ আঙুলি । সেইবাবে ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাট জিলাৰ কেইবাঠাইতো এইসকলৰ বিৰুদ্ধে তৰা হৈছে গোচৰ । শিল্পী গৰাকীৰ শেষকৃত্য় সম্পন্ন হোৱাৰ পিছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি বিভিন্নজনে দিয়া এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দুজনীয়া চি আই ডিৰ দল এটা মঙলবাৰে যোৰহাটত উপস্থিত হয় ।
প্ৰথমতে এই দলটো উপস্থিত হয় যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত । তাতেই কেন্দুগুৰি কলা সংস্কৃতিৰ তৰফৰ পৰা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি দিয়া এজাহাৰৰ ভিত্তিত তেওঁলোকৰ পৰা চি আই ডিৰ দলটোৱে ভাষ্য গ্ৰহণ কৰে ।
এই দলটোৱে বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰিছে । আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰা অধিবক্তা বিজয় শংকৰ বৰবৰাই কয়,”আচলতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকালতে মৃত্যু হ’ল, সেই লৈ ৰাজ্যবাসীৰ লগতে আমিও শোকত আছো । সেয়েহে আমি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ভোগদৈ আৰক্ষী চকীত কেন্দুগুৰি কলা সংস্কৃতিৰ তৰফৰ পৰা এখন এজাহাৰ দিছিলো । মুখ্যমন্ত্ৰীগৰাকীৰ তাৎক্ষণিক তৎপৰতাত বৰ্তমান বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।”
