ভাৰত আৰু পাকিস্তানৰ সংঘাতত চীনৰ ভূমিকা সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এটা প্ৰতিৰক্ষা গৱেষণা সংস্থাৰ মতে চীনে পাকিস্তানক উপগ্ৰহ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰে সহায় কৰিছিল। কিন্তু ভাৰত আৰু পাকিস্তান চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।আচলতে চীনে এই যুদ্ধত পাকিস্তানক পোনপটীয়াকৈ সহায় কৰিছিল। তেওঁ নিজৰ উপগ্ৰহ আৰু বায়ু প্ৰতিৰক্ষাৰ জৰিয়তে এই সহায় আগবঢ়াইছিল।নতুন দিল্লীস্থিত চেণ্টাৰ ফৰ জইণ্ট ৱাৰফেয়াৰ ষ্টাডিজৰ সঞ্চালক অশোক কুমাৰে এক সাক্ষাৎকাৰত কয় যে ২২ এপ্ৰিলৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি দুয়োখন দেশৰ সংঘাতলৈকে চীনে দুসপ্তাহ ধৰি চেটেলাইট কভাৰেজৰ জৰিয়তে পাকিস্তানক সহায় কৰিছিল।
