ৰাজ্যজুৰি আয়োজিত শিশু দিৱসৰ লগত সংগতি ৰাখি অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰ জাহাজঘাট প্ৰাথমিক বিদ্যালয় আৰু মঙ্গলচণ্ডী হিন্দী এল.পি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত জাহাজঘাট প্ৰাথমিক বিদ্যালয় চৌহদত শিশু দিৱসৰ বিভিন্ন কাৰ্য্যসূচী আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷
সংস্থাৰ সভানেত্ৰী মৃদুলা দাসে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি আগবঢ়োৱা শিশু দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য বাখ্যাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত জাহাজঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ কুমাৰ দাস, মঙ্গলচণ্ডী হিন্দী এল.পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী লিছামণি বৰুৱাসহ দুয়োখন বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে মহিলা অভিযন্তা সংস্থাৰ সম্পাদিকা অন্তৰা বৰুৱা , উপদেষ্টা ৰেখা মজুমদাৰ, লাবণ্য পদ্মপতি বৰুৱা প্ৰমুখ্যে আন কেইবাগৰাকী সদস্যা উপস্থিত থাকে৷
বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা জাতীয় সঙ্গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দুটা শাখাত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকলে এক আকৰ্ষণীয় নৃত্য-গীতৰ অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কণ কণ শিশুসকলে “মায়াবিনী ৰাতিৰ বুকুত…“ শীৰ্ষক গীতটি পৰিবেশন কৰে। প্ৰতিযোগিতাৰ অন্তত দুয়োটা শাখাৰ পাচঁগৰাকীকৈ বিজয়ী শিশুক পুৰস্কাৰ প্ৰদান কৰা হয় । ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ বাবে প্ৰয়োজনীয় বহী, পেঞ্চিল , ৰুলমাৰি ইত্যাদি আৰু বিভিন্ন খাদ্য সামগ্ৰীও বিতৰণ কৰা হয় ৷
