৫ বছৰৰ তলৰ শিশুৰ বিপদাশংকা ৭ গুণ বেছি হয়

260

ইণ্ডিয়ান একাডেমী অফ পেডিয়াট্ৰিক্স (আইএপি) আৰু বিশ্ব স্বাস্থ্য সংস্থাই ৬ মাহৰ পৰা ৫ বছৰ বয়সৰ শিশুৰ বাবে বাৰ্ষিক টিকাকৰণৰ পৰামৰ্শ দিয়ে। শিশুসকল গোটেই বছৰটোত ফ্লুৰ প্ৰতি আক্ৰান্ত হয়, বিশেষকৈ শীত আৰু বাৰিষাৰ সময়ত।  টিকাকৰণ কৰাৰ পিছত এণ্টিবডী বিকশিত হ’বলৈ প্ৰায় ২ সপ্তাহ লাগিব পাৰে, যাৰ বাবে বাৰিষা বা শীতকালৰ ২ ৰ পৰা ৪ সপ্তাহ আগতে ইয়াক ল’ব লাগে।

৫ বছৰৰ তলৰ শিশুৰ কেৱল ফ্লুৰ জটিলতাৰ আশংকা অধিক নহয় কিন্তু সমাজৰ আনলোকলৈও সংক্ৰমণ বিয়পাব পাৰে। ফ্লু ইনফ্লুৱেঞ্জা ভাইৰাছৰ ফলত হয়, আৰু ই নাক, ডিঙি আৰু হাঁওফাঁওপ্ৰভাৱিত কৰে। কিছুমান সচৰাচৰ লক্ষণ হৈছে কাহ, জ্বৰ, ঠাণ্ডা, ডিঙিৰ বিষ, ভাগৰ, পেশীৰ বিষ আৰু মু৫ৰ বিষ। ভাইৰাছটো ৰোগী এজনৰ পৰা সহজে বিয়পিব পাৰে যেতিয়া তেওঁলোকে কথা কয়, হাঁচি দিয়ে বা কাহ কৰে।

অধ্যয়নবোৰে দেখুৱাইছে যে ভাৰতত তীব্ৰ শ্বাসতন্ত্ৰৰ সংক্ৰমণ থকা ৫ বছৰৰ তলৰ ১১% বহিঃৰোগী শিশুৰ ফ্লু হৈছিল। বাৰ্ষিক ৪ইন১ ফ্লু টিকাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ক’বলৈ গ’লে, ৰিগ্পা চিল্ড্ৰেনছ ক্লিনিকৰ পেডিয়াট্ৰিক্সৰ এমডি ড০ ৰশ্নাদাস হাজৰিকাই কয়, “ফ্লুৰ সংক্ৰমণ শীৰ্ষত থাকিলে শীতকালৰ আগতে ভেকছিন টো দিব পাৰি। ডায়েবেটিচ, চি.ও.পি.ডি., হৃদযন্ত্ৰ, যকৃত আৰু বৃক্কৰ ৰোগ থকা প্ৰাপ্তবয়স্ক আৰু সকলো বৃদ্ধ ব্যক্তিয়েও বাৰ্ষিক ফ্লু শ্বট ল’ব লাগে।”