বহু বিতৰ্কৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত এগৰাকী সম-উপাচার্য নিয়োগৰ আহ্বান মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত জানিবলৈ দিয়ে এই কথা।
সামাজিক মাধ্যম এক্সত এটা পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰোঁ।
তেওঁ লগতে কয়-বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ আচৰণৰ নিৰপেক্ষ তদন্ত চলি থকাৰ সময়ত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণৰ সুস্থিৰতা বৰ্তাই ৰাখিবলৈ এগৰাকী সম-উপাচার্য তাৎক্ষণিকভাৱে নিযুক্তি দিবলৈ কেন্দ্রীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনাওঁ।
