ফেবিয়ান ৰুইজৰ দুটা গ’ল আৰু আউছমেন ডেম্বেলৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই বুধবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেল মেচখনত পেৰিছ চেণ্ট জাৰ্মেইনে (পি এছ জি) ৰিয়েল মাদ্রিদক ৪-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। এতিয়া পি এছ জিয়ে দেওবাৰে ফাইনেলত ইংৰাজী ক্লাব চেলছীৰ বিৰুদ্ধে খেলিব। খেলখনৰ আৰম্ভণিৰে পৰাই পি এছ জিয়ে আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি মাত্ৰ ২৪ মিনিটতে ৩-০ গ’লত শক্তিশালী অগ্ৰগতি লাভ কৰে। এই মেচখনো বিশেষ আছিল কাৰণ কাইলিয়ান এমবাপে প্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ ক্লাব পি এছ জিৰ বিৰুদ্ধে খেলিছিল। অৱশ্যে পি এছ জিৰ শক্তিশালী ডিফেন্সে তেওঁক গ’ল দিয়াৰ কোনো সুযোগ নিদিলে৷
খেলখনৰ ৬ মিনিটত অউছমানে ডেম্বেলে ৰাউল আচেনচিঅ’ৰ পৰা বলটো লৈ ফেবিয়ান ৰুইজক এটা সুন্দৰ পাছ দি গ’ললৈ ৰূপান্তৰিত কৰে। ৯ মিনিটত এণ্টনিঅ’ ৰুডিগাৰৰ ভুলৰ সুযোগ লৈ ডেম্বেলে অ’ন গ’ল দি পি এছ জিক ২-০ গ’লত আগুৱাই লৈ যায়। ২৪ মিনিটত হাকিমি আৰু ডেম্বেলেৰ সুন্দৰ সংমিশ্ৰণৰ পাছত ৰুইজে দ্বিতীয়টো গ’ল দিয়ে। ৮৭ মিনিটত গনচালো ৰামোছে এটা গ’ল দি পি এছ জিৰ জয় নিশ্চিত কৰে। পি এছ জিৰ গ’লৰক্ষক জিয়ানলুইজি ড’নাৰুমাই মুঠ দুটা ছেভ কৰি কাইলিয়ান এমবাপেৰ প্ৰাৰম্ভিক শ্বটটোত বাধা দিয়ে।
ৰিয়েল মাদ্রিদৰ হৈ ট্ৰেণ্ট আলেকজেণ্ডাৰ-আর্নল্ডক আঘাতৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। এই মেচখনত এমবাপে আৰম্ভণি এঘাৰত স্থান লাভ কৰিছিল যদিও তেওঁ কোনো প্ৰভাৱ পেলাব পৰা নাছিল। এতিয়া পি এছ জিয়ে দেওবাৰে ফাইনেললৈ লক্ষ্য কৰিব, য’ত তেওঁলোকে প্ৰথমবাৰৰ বাবে ক্লাব বিশ্বকাপৰ খিতাপ জয়ৰ চেষ্টা কৰিব। আনহাতে, ২০২১ চনত চেলছীয়ে এই খিতাপ দখল কৰি পুনৰবাৰ বিজয়ী হোৱাৰ উদ্দেশ্যেৰে খেলপথাৰত প্ৰৱেশ কৰিব।
