কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ২৭ জুলাইত অতি উলহ-মালহেৰে উদ্যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰে।
এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰথমেই কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বাহিনীৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ, সহকাৰী অধিনায়ক জয়প্ৰকাশ কুমাৰকে ধৰি অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই উপস্থিত বিষয়া – জোৱান সকলক সম্বোধন কৰি চি আৰ পি এফৰ ইতিহাস আৰু গৌৰৱৰ বিষয়ে ব্যক্ত কৰি প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
ইয়াৰ উপৰি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ ৰাইজৰ সৈতে এক চাইকেল ৰেলী উলিওৱা হয়। একেদৰে পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ অভিযান চলোৱা হয় । সন্ধিয়া প্ৰীতি ভলীবল প্ৰতিযোগিতা আৰু নিশা বাহিনীটোৰ সকলো মেচত বৰাখানাৰ আয়োজন কৰা হয়। প্ৰটোজগটা কৰা নিশা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
