অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

138

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ৰাজ্য চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ আন এক পথ প্ৰশস্ত কৰিলে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় – প্ৰাণৰ ‘অসমীয়া ভাষা’টিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা– কথাটিয়েই মনটো ভৰাই তুলিছে৷ হয়তো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে৷

অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰক অসমবাসীৰ হৈ অযুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই মৰ্যাদাই আমাৰ প্ৰাচীন ভাষাটিক এক নান্দনিক অলংকাৰ পিন্ধালে৷ প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা-সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে৷ আজিৰ এই ঐতিহাসিক সিদ্ধান্তৰ দ্বাৰা আমি আমাৰ প্ৰিয় মাতৃভাষাটিক জগত সভালৈ লৈ যাবলৈ সক্ষম হ’ম, ভাষাটিক সংৰক্ষণৰ দিশত আমি আটায়ে নিশ্চিতভাৱে অধিক দায়বদ্ধ হ’ম৷

এই সন্মান আমাৰ বৈচিত্ৰ্যৰ মাজত এক হৈ থকা সমাজখনলৈ; এই সন্মান অসমৰ মহাপুৰুষ, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, প্ৰজ্ঞাৰ সাধক তথা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণলৈ৷ অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যিসকলে ত্যাগ কৰি গৈছে শতসহস্ৰ প্ৰণিপাত তেখেতসকললৈ৷ সঁচাকৈয়ে আজি মোৰ জীৱনৰ অন্যতম এটি সুখৰ দিন।