প্ৰতি বছৰে ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়। এই বাৰ্ষিক উৎসৱত সমগ্ৰ বিশ্বতে চাহৰ গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক তাৎপৰ্য উদযাপন কৰা হয়। ইয়াৰ উপৰিও বহনক্ষম চাহ উৎপাদন আৰু চাহ উদ্যোগৰ শ্ৰমিকসকলক সহায় কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য লোৱা হয়।
ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে শীৰ্ষ চাহ সেৱন দেশসমূহৰ ভিতৰত অন্যতম, দেশত উৎপাদিত চাহ ৮০% দেশৰ জনতাই সেৱন কৰে। ভাৰতৰ চাহ ব’ৰ্ডৰ তথ্য অনুসৰি ২৩ বিত্তীয় বৰ্ষত ১৩৭.৪৯৭ কোটি কিলোগ্ৰামৰ বিপৰীতে ২৪ বিত্তীয় বৰ্ষত ভাৰতৰ চাহ উৎপাদন ১৩৮.২০৩ কোটি কিলোগ্ৰাম হোৱাৰ বিপৰীতে ২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ) চাহ উৎপাদন হয় ১১৮.৬৬২ কোটি কিলোগ্ৰাম।
অসমৰ উজনি অসম আৰু কাছাৰত চাহ উৎপাদন বৃহৎ পৰিমাণে হয়। পশ্চিম বংগৰ চাহ উৎপাদনকাৰী তিনিটা প্ৰধান অঞ্চল দুৱাৰছ, তেৰাই আৰু দাৰ্জিলিং। ভাৰতৰ দক্ষিণ অংশত দেশৰ মুঠ উৎপাদনৰ প্ৰায় ১৭ শতাংশ উৎপাদন হয়, ইয়াৰে প্ৰধান উৎপাদনকাৰী ৰাজ্যসমূহ হ’ল তামিলনাডু, কেৰালা আৰু কৰ্ণাটক।
