প্ৰেমৰ বতৰত কেলিফৰ্ণিয়া আলমণ্ডৰ সৈতে উদযাপন কৰক ভেলেণ্টাইন ডে’

84

ভেলেণ্টাইন ডে’ হৈছে প্ৰেম উদযাপন কৰা আৰু আপোনজনৰ প্ৰতি থকা ভালপোৱা প্ৰদৰ্শনৰ এটা দিন। আপোনাৰ মৰম প্ৰকাশ কৰাৰ বাবে বিভিন্ন স্বাস্থ্য উপকৰণেৰে ভৰা উপহাৰ প্ৰদানৰ বাহিৰে আন কি হ’ব পাৰে? এইবাৰৰ প্ৰেমৰ দিৱসত পৰম্পৰাগত উপহাৰৰ উৰ্ধ্বলৈ যাওঁক আৰু সুস্বাস্থ্যৰে ভৰা উপহাৰ কেলিফৰ্ণিয়া আলমণ্ডৰ বক্স নিৰ্বাচন কৰক। কেলিফৰ্ণিয়া আলমণ্ডে কেৱল এক সুস্বাদু ৰূপ প্ৰদান কৰাই নহয়, এই বাদাম হৈছে সামগ্ৰিক সুস্থতা সমৰ্থন কৰা অত্যাৱশ্যকীয় পুষ্টিৰে ভৰপূৰ। এই উপহাৰে আপোনাৰ প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি আপোনাৰ যত্ন প্ৰদৰ্শন কৰিব পাৰে।

শৰীৰৰ বাবে ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কেলিফৰ্ণিয়া আলমণ্ড ভিটামিন ই, মেগনেছিয়াম, আঁহ, স্বাস্থ্য অনুকূল চৰ্বি আৰু প্ৰটিনৰ প্ৰাকৃতিক উৎস। “বাদামৰ ৰজা” হিচাপে পৰিচিত এই আলমণ্ডে স্বাস্থ্যৰ বাবে বহুতো উপকাৰিতা প্ৰদান কৰে। প্ৰেমৰ সপ্তাহৰ বিষয়ে নিজৰ মনোভাৱ ব্যক্ত কৰাৰ লগতে দৈনন্দিন খাদ্যাভ্যাসত আলমণ্ডৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি বলীউডৰ মোহময়ী অভিনেত্ৰী সোহা আলী খানে কয় যে, “মোৰ বাবে আপোনজনক মৰম প্ৰদনৰ্শন কৰা মানে প্ৰিয়জনৰ স্বাস্থ্যৰ যত্ন লোৱা।”

আলমণ্ডৰ বহু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে উল্লেখ কৰাৰ সময়ত এমবিবিএছ তথা নিউট্ৰিচনিষ্ট ৰোহিনী পাটিলে কয় যে, “মই মোৰ ক্লায়েণ্ট আৰু ৰোগীসকলক সদায়ে স্বাস্থ্যসন্মত, সুষম খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিওঁ আৰু ইয়াৰ অংশ হিচাপে আলমণ্ডৰ দৰে প্ৰাকৃতিক খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দি আহিছোঁ।”