৭৫ সংখ্যক গণৰাজ্য দিৱসত প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ভিআইয়ে এক্সক্লুছিভ অফাৰ ঘোষণা কৰিছে। গ্ৰাহকসকলে ভিআই এপৰ জৰিয়তে ৰিচাৰ্জ কৰাৰ সময়ত নিৰ্বাচিত ৰিচাৰ্জ পেকত বিশেষ লেনদেন উপভোগ কৰিব পাৰে, যাৰ ভিতৰত আছে কোনো অতিৰিক্ত ব্যয় অবিহনে ৫০ জিবিলৈকে ডাটা বেনিফিট আৰু ৭৫ টকাৰ তাৎক্ষণিক ৰেহাই। এই অফাৰসমূহ ভিআই এপতো উপলব্ধ, লগতে খুচুৰা বিপনীসমূহতো বিশেষ অফাৰ লাভ কৰিব।
১৭৯, ১৯৫, ১৯৯, আৰু ২৩৯ টকীয়া ৰিচাৰ্জ কৰা গ্ৰাহকসকলে হিৰো আনলিমিটেড ২৯৯ টকীয়া পেকলৈ উন্নীত কৰিলে ৫০ টকা পৰ্যন্ত ফ্লেট ৰেহাই লাভ কৰিব। য’ত অন্তৰ্ভুক্ত কৰা হৈছে আনলিমিটেড নাইট ডাটা আৰু কম হাৰত উইকেণ্ড ডাটা ৰোলঅভাৰ। ২,৮৯৯ আৰু ৩,০৯৯ টকাত গ্ৰাহকসকলে এতিয়া ৫০জিবি অতিৰিক্ত ডাটা লাভ কৰিব। আনহাতে ১৪৪৯ টকাৰ পেকত গ্ৰাহকে ৩০ জিবি অতিৰিক্ত ডাটা লাভ কৰিব।
ভিআইয়ে তথ্যপ্ৰযুক্তি ক্ষেত্ৰখনৰ আগশাৰীৰ ব্লু-কলাৰ নিয়োগ প্লেটফৰ্ম জব হাইৰ সহযোগত যুৱক-যুৱতীসকলৰ বাবে ‘জব মেলা’ আগবঢ়াইছে। এই এপটোৱে ৪৫টাতকৈও অধিক শিতানত ৫ লাখৰো অধিক লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিব। দশম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী থকা নিবনুৱালৈকে শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থীসকলে চাকৰিৰ বাবে আবেদন কৰিব। ইয়াৰ লগতে এই এপটোৱে সাক্ষাৎকাৰৰ কৌশল আৰু টিপছৰ ওপৰত টেইলাৰ মেড শ্বৰ্ট ভিডিঅ’ প্ৰদান কৰিব যাতে প্ৰাৰ্থীসকলে নিজৰ নিয়োগ সন্ধান যাত্ৰাৰ বাবে প্ৰস্তুতি চলাব পাৰে।