শুভ উৎসৱৰ বতৰ উদযাপন কৰিবলৈ আৰু দুৰ্গা পূজাৰ উৎসৱত আনন্দ যোগ দিবলৈ, চনী ইণ্ডিয়াই উৎসৱ বিক্ৰীৰ অংশ হিচাপে বিশেষ ৰেহাই ৰখাৰ অফাৰ ঘোষণা কৰে। শ্ৰেষ্ঠ শ্ৰেণীৰ অভিনৱ সামগ্ৰীৰ সৈতে ৰোমাঞ্চকৰ বিত্তীয় আঁচনি, শূন্য ডাউন পেমেণ্টৰ সৈতে সহজ ইএমআই আৰু চনি ব্ৰাভিয়া, কেমেৰা, আৰু প্ৰিমিয়াম হোম অডিঅ’ সামগ্ৰীৰ ওপৰত অপ্ৰতিৰোধ্য ৰেহাইৰ সৈতে, চনি ইণ্ডিয়া আশাবাদী যে গ্ৰাহকসকলে তেওঁলোকৰ বন্ধু বৰ্গ আৰু পৰিয়ালক #CloserwithSony আনি উৎসৱৰ আত্মা উদযাপন কৰিব।
চনি ইণ্ডিয়াৰ চেলছ হেড শ্ৰীযুত সতীশ পদ্মনাভনে কয়, “আমি চনি ইণ্ডিয়াত আমাৰ গ্ৰাহকসকলক এক্সআৰ প্ৰযুক্তি, গুগল টিভি, ট্ৰাইলুমিনেছ ডিচপ্লে আৰু ডলবি এটমছৰ দৰে উন্নত সুবিধাৰ সৈতে অভিনৱ আৰু প্ৰযুক্তিগতভাৱে উৎকৃষ্ট সামগ্ৰীৰে শক্তিশালী কৰাৰ আগ্ৰহেৰে চালিত হৈছো। ঘৰত থকা সংস্কৃতিয়ে ডাঙৰ পৰ্দাৰ টেলিভিছন আৰু চাউণ্ডবাৰবোৰৰ বৰ্ধিত চাহিদাক গতি প্ৰদান কৰিছে। ঘৰৰ পৰা কাম কৰা আৰু ঘৰৰ পৰা শিকাটোৱে হেডফোন, ইয়াৰফোন আৰু ব্লুটুথ স্পীকাৰকে ধৰি অডিঅ’ খণ্ডত যথেষ্ট ইন্ধন যোগোৱা হৈছে। দুৰ্গা পূজা উদযাপন কৰিবলৈ, আমি আমাৰ গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় আঁচনিৰ লগতে ৰোমাঞ্চকৰ অফাৰ ঘোষণা কৰি আনন্দিত হৈছো।”
