চিয়েট আইএছআৰএলে অৱশেষত সদৰি কৰিলে ৰাইডাৰ অকচন ডিটেইলছ

639

২০২৪ৰ ৭ জানুৱাৰীত পুনেত অনুষ্ঠিত হ’বলগীয়া ৰাইডাৰ নিলামৰ বাবে চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ ২০২৪ৰ সূচী প্ৰকাশ কৰিছে। চিয়েট আইএছআৰএল হৈছে বিশ্বৰ প্ৰথম চুপাৰক্ৰছ ছিৰিজ, যিয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি চেম্পিয়ন ৰাইডাৰসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিশ্বব্যাপী শ্ৰেষ্ঠ তালিকাত নিজৰ নামৰ বাবে উদগনি দিবলৈ সকলোকে আকৰ্ষিত কৰিছে। এই লীগে ব্ৰেণ্ডবোৰৰ বাবে নিজৰ উদ্বোধনী চিজনত অফ-ৰোড ৰেছিং ৰোমাঞ্চকৰ অভিজ্ঞতাৰ অংশ হোৱাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে।

অকচন পুলত অংশ ল’ব মুঠ ১০৪ গৰাকী ৰাইডাৰ, য’ত প্ৰথমবাৰৰ বাবে ভাৰতত ৰেচিঙৰ দৌৰত থকা ৭৩গৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেচাৰ আৰু ৩১গৰাকী ভাৰতীয় ৰাইডাৰ আছে। প্ৰতিটো টীমত প্ৰতিটো শিতানৰ বাবে ২জনলৈকে ৰাইডাৰৰ অনুমতি দিয়া হৈছে, সৰ্বাধিক ৪৮টা শ্লট উপলব্ধ। ছিজন ৱানৰ বাবে মেগা ৰাইডাৰ নিলামত ক্ৰমবৰ্ধমান একচন কিটীৰ মুঠ মূল্য হৈছে প্ৰায় ৬ কোটি টকা, যিয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। চিয়েট আইএছআৰএলৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক ঈশান লোখাণ্ডেই প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হৈ থকা এই মেগা নিলামৰ বাবে উৎসাহ প্ৰকাশ কৰিছে। তেওঁ কয় যে, ”এই লীগে ৰাইডাৰ নিলাম আয়োজনৰ সিদ্ধান্তই নিজৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আৰু দায়বদ্ধতাৰ প্ৰতি নিজৰ সমৰ্পণক সূচায়। এই পদক্ষেপে নিঃসন্দেহে লীগৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব আৰু সকলো অংশগ্ৰহণকাৰী আৰু ফ্ৰেঞ্চাইজীৰ গৰাকীৰ বাবে এক ন্যায্য আৰু সমতাপূৰ্ণ খেলপথাৰৰ প্ৰচাৰ-প্ৰসাৰ ঘটাব।”

ছিজন ৱানৰ বাবে সাজু হৈছে ফ্ৰেঞ্চাইজীসমূহে, প্ৰথম বৰ্ষৰ প্ৰতিযোগিতা গতি আৰু দক্ষতাৰ প্ৰতিফলন হ’ব বুলি প্ৰতিশ্ৰুতি দিছে। ৰেচিং দক্ষতাৰ ৰোমাঞ্চকৰ প্ৰদৰ্শনেৰে ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ছটা দল।  বিগৰক মটৰস্প’ৰ্ট, গুজৰাট ট্ৰেইলব্লেজাৰ্ছ, ৰেইজ মট’স্প’ৰ্টছ, টীম মোহিতে ৰেচিং, এছজি স্প’ৰ্টছ আৰু পঞ্চশীল ৰেচিঙে নিজৰ ব্যতিক্ৰমী দক্ষতা আৰু প্ৰতিভাৰে সকলোকে চমক দেখুৱাবলৈ সাজু হৈছে। এই মহাৰণে ইণ্ডিয়ান ছুপাৰক্ৰছলৈ বিপ্লৱৰ জোৱাৰ আনিব বুলি আশা কৰা হৈছে।