ছিজন ৱানৰ বাবে ৬ কোটি টকাৰ মেগা ৰাইডাৰ নিলামৰ জৰিয়তে নতুন অভিলেখ চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ

594

পুনেৰ প্ৰতিষ্ঠিত হোটেল জে ডব্লিউ মেৰিয়েটত উদ্বোধনী ছিজনৰ বাবে এক ঐতিহাসিক মেগা ৰাইডাৰ নিলামৰ সমাপ্তিৰ লগে লগে চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) নতুন শিখৰত উপনীত হয়। বিশ্বৰ প্ৰথম ফ্ৰেঞ্চাইজি ভিত্তিক চুপাৰক্ৰছ লীগত এক আকৰ্ষণীয় নিলাম অনুষ্ঠিত হয়, শ্ৰীলংকাৰ জেক গুনাৱৰ্ডেনাই সৰ্বাধিক দৰ লাভ কৰি ছিজন ৱানৰ অভিলেখ গঢ়িলে। ৭৩ জন আন্তঃৰাষ্ট্ৰীয় আৰু ৩১ জন ভাৰতীয় ৰেচাৰসহ মুঠ ১০৪ জন ৰাইডাৰে ৪৮ টা বহুপ্ৰত্যাশিত শ্লটৰ বাবে যুঁজ দিছিল, যিয়ে নিলাম কিটিত এক ইতিহাস সৃষ্টিকাৰী ৬ কোটি টকালৈ লৈ গৈছিল মহাৰণক। তীব্ৰ প্ৰতিযোগিতামূলক ৮৫ চিচি জুনিয়ৰ ক্লাছত সৰ্বাধিক বিড লৈ চৰ্চিত হৈছে চি গৌড়া, গৌড়াৰ আগমনে উদীয়মান তাৰকা হিচাপে আত্মপ্ৰকাশৰ বিশেষ ইংগিত বহন কৰিছে। পাৱাৰ পেকেড ৪৫০ চিচি আন্তঃৰাষ্ট্ৰীয় শাখাত শীৰ্ষ বিড(নিলাম) নিশ্চিত কৰিছে থমাছ ৰেমেটেই।

লিংগ প্ৰতিবন্ধকতা নেওচি আলীনা মনচুৰ শ্বেখ আৰু নিথিলা দাসে মহিলা ৰাইডাৰ হিচাপে লীগত অংশগ্ৰহণ কৰিব, ৮৫ চিচি জুনিয়ৰ ক্লাছৰ টীমত দেখিবলৈ পোৱা যাব দুয়োকে। ভাৰতীয় প্ৰতিভাধৰ ঈষান শ্বানভাগ আৰু শ্লোক ঘোৰপাদেও নিলামত লাভ কৰে উচ্চ দৰ, দুয়োৰে অংশগ্ৰহণে প্ৰতিযোগিতাখনত যোগ দিছে এক অতিৰিক্ত উত্তেজনাৰ স্তৰ।

চিয়েট আইএছআৰএলৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে নিলামৰ সফলতাক লৈ উৎসাহ প্ৰকাশ কৰি কয় যে, “এয়া মটৰস্পৰ্টৰ বিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত, যিয়ে সমাজ বা দেশৰ ভিতৰত প্ৰতিযোগিতা, স্বচ্ছতা আৰু একতাৰ প্ৰতীকক সূচায়।” এই লীগত এক আকৰ্ষণীয় ৰোষ্টাৰ বা খেলুৱৈক দেখিবলৈ পোৱা যাব, যাৰ ভিতৰত আছে মেট মছ, লৰেঞ্জো কেম্পোৰিজ, এণ্টনি ৰেনাৰ্ড, থমাছ ৰামেট, নিকো কোচ, আৰু ৰাষ্ট্ৰীয় চেম্পিয়ন ৰুগভেদ বাৰ্গুজে আৰু আনন্দ ৰিগি আদিত্যৰ দৰে আন্তঃৰাষ্ট্ৰীয় চেম্পিয়ন আৰু প্ৰতিভাশালী ৰাইডাৰ।