ইতিহাস ৰচনাৰ বাবে সাজু চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ, চমৎকাৰ উদ্বোধনী ছিজনৰ প্ৰতিশ্ৰুতি

111

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)ৰ আকৰ্ষণীয়-চমৎকাৰী উদ্বোধনী ছিজনেৰে ভাৰতত মটৰস্পৰ্টৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে। পুনেৰ শ্ৰী শিৱ ছাত্ৰপতি স্প’ৰ্টছ কমপ্লেক্সক সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰলৈ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ ৰেচৰ মঞ্চৰ বাবে তৈয়াৰ কৰি তোলা হৈছে, য’ত ভাৰতীয় মটৰস্প’ৰ্টছলৈ এক বিপ্লৱৰ সূচনা কৰিব। ২০২৪ৰ ২৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই ৰেচত তাৰকাৰে ভৰা ৪৮ জন ৰাইডাৰে অংশ ল’ব, য’ত আছে আকৰ্ষণীয় আৰু প্ৰতিশ্ৰুতিসম্পন্ন ৮০% আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিত্ব। ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া(এফএমএছচিআই)ৰ স্বীকৃতিপ্ৰাপ্ত চিয়েট আইএছআৰএলৰ লক্ষ্য হৈছে দেশৰ মটৰস্প’ৰ্টছৰ দৃশ্যপটক পুনৰ সংজ্ঞায়িত কৰা।

চিয়েট আইএছআৰএলৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক ঈশান লোখাণ্ডে কয় যে, “এই উদ্বোধনী ৰেচত চিয়েট আইএছআৰএলৰৰ বিশ্বব্যাপী আকৰ্ষণক প্ৰদৰ্শন কৰা হৈছে। প্ৰায় ৮০% আন্তঃৰাষ্ট্ৰীয় ৰেচাৰকে ধৰি ৪৮জন ৰাইডাৰে প্ৰতিদ্বন্দ্বিতা কৰিবলগা এই ফ্ৰেঞ্চাইজি-আধাৰিত চুপাৰক্ৰছ ৰেচ হৈছে এই ধৰণৰ প্ৰথম প্ৰতিযোগিতা, যিয়ে ভাৰতক চুপাৰক্ৰছ বিশ্বৰ এখন প্ৰধান মঞ্চলৈ পৰিণত কৰিব।”

বিশ্বজুৰি প্ৰতিধ্বনিত আৰু চৰ্চিত এই লীগৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাইডাৰ নিলামত ১০০ৰো অধিক ৰাইডাৰে অংশগ্ৰহণ কৰিছিল, মুঠ ৬টা ফ্ৰেঞ্চাইজি দলত ৪৮জন ৰাইডাৰে স্থান নিশ্চিত কৰি তীব্ৰ প্ৰতিযোগিতামূলক প্ৰতিযোগিতাৰ প্ৰতিশ্ৰুতি দিছে। এই বিষয়ে সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক বীৰ পেটেলে উত্সাহ প্ৰকাশ কৰি কয় যে, “চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে মটৰস্প’ৰ্টছৰ জগতখনত এক নজিৰ সৃষ্টি কৰি দৃষ্টান্ত প্ৰতিষ্ঠা কৰিছে আৰু উদ্বোধনী ছিজনতে যুগান্তকাৰী প্ৰতিযোগিতা প্ৰদানৰ বাবে সাজু হৈছে।”এই ৰেচ ৪৫০চিচি আৰু ২৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ, ২৫০চিচি ইণ্ডিয়া-এছিয়া মিক্স আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ৮৫চিচি জুনিয়ৰ ক্লাছৰ ৪টা কেটেগৰীত অনুষ্ঠিত হ’ব। চিয়েট আইএছআৰএল কেৱল ৰেচিঙেই নহয়; এয়া হৈছে প্ৰতিভা, আবেগ আৰু প্ৰতিযোগিতাৰ উদযাপন।