বিশ্বৰ প্ৰথমখন ফ্ৰেঞ্চাইজি আধাৰিত ছুপাৰক্ৰছ লীগ চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ছুপাৰক্ৰছ লীগৰ বাবে ৰাইডাৰ ৰেজিষ্ট্ৰেচন পুল মুকলি কৰিছে। এফএমএছচিআইৰ সহযোগত এই লীগে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইডাৰসকলক ৰোমাঞ্চকৰ ছুপাৰক্ৰছ ট্ৰেকত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনাইছে। ভাৰতৰ মটৰস্পৰ্টছক একচন, মনোৰঞ্জন আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মনোমোহা মিশ্ৰণৰ সৈতে পুনৰ সংজ্ঞায়িত কৰিছে এই লীগে।
চলিত বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ৰেচিং লীগত একাধিক ৰাউণ্ড অনুষ্ঠিত হ’ব, য’ত চাৰিটা শাখা থাকিব: ৪৫০চিচি, ২৫০চিচি, ২৫০চিচি ভাৰত-এছিয়া মিক্স আৰু ৮৫চিচি জুনিয়ৰ ক্লাছ। এই উদ্বোধনী বৰ্ষই ৰোমাঞ্চকৰ একচন আৰু তীব্ৰ প্ৰতিযোগিতাৰ পূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে।আই এছ আৰ এলৰ ছিজন ১ত সকলো দেশৰ খেলুৱৈক আদৰণি জনোৱা হৈছে, যাৰ উদ্দেশ্য হৈছে বিশ্বজনীন প্ৰতিভা প্ৰদৰ্শন কৰা এক সমতাপূৰ্ণ খেলপথাৰ সৃষ্টি কৰা।
ন্যায্য অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ বিদেশৰ ৰাইডাৰসকলে মটৰস্প’ৰ্টৰ বাবে এফএমএছচিআই আৰু এছএক্সআইৰ সপক্ষে নিজৰ নিজৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কৰ্তৃপক্ষ/ৰাষ্ট্ৰীয় ফেডাৰেচনৰ পৰা এনঅ’চি(আপত্তিহীনতা পত্ৰ)/প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। নিলামত ফ্ৰেঞ্চাইজিসমূহে ৰেচিং লীগত নিজৰ দলক প্ৰতিনিধিত্ব কৰিবলৈ ৰাইডাৰ বাছনি কৰিব। এই বিষয়ে ছুপাৰক্ৰছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক ঈশান লোখাণ্ডে কয় যে, “এয়া আপোনাৰ প্ৰতিভা প্ৰদৰ্শন কৰা, ট্ৰেকত উজলি উঠা আৰু ভাৰতক মটৰস্প’ৰ্টৰ জগতখনৰ শীৰ্ষস্থানলৈ আগুৱাই নিয়াৰ সুযোগ।”ৰাইডাৰসকলে ৰাইডাৰ ৰেজিষ্ট্ৰেচন প্ৰ-পত্ৰ পূৰণ কৰি পঞ্জীয়ন কৰিব পাৰে, পঞ্জীয়ন ফৰ্ম অফিচিয়েল ৱেবছাইট www.indiansupercrossleague.comত উপলব্ধ।