এছিয়াৰ প্ৰথমটো তালিকাভুক্ত ডিপ’জিটৰী(পুঁজি ৰক্ষক) আৰু ১৬.৭ কোটিৰো অধিক ডিমেট একাউণ্টৰ বিশ্বাসযোগ্য ৰক্ষক চেণ্ট্ৰেল ডিপ’জিটৰী চাৰ্ভিচেছ (ইণ্ডিয়া) লিমিটেডে (“চিডিএছএল”) শিক্ষাৰ্থীৰ বাবে উদ্ভাৱনৰ প্ৰত্যাহ্বান হিচাপে প্ৰথমবাৰৰ বাবে আইডিয়াথন আৰম্ভ কৰিছে। ৰিইমাজিন আইডিয়াথন হৈছে চিডিএছএলৰ বাৰ্ষিক ৰিইমাজিন চিম্পোজিয়ামৰ ফ্লেগশ্বিপ তৃতীয় সংস্কৰণৰ অধীনত হাতত লোৱা এক অভিনৱ পদক্ষেপ। আইডিয়াথনৰ লক্ষ্য হৈছে ভাৰতে কেনেকৈ শিকে, বিনিয়োগ কৰে আৰু বৃদ্ধি পাব পাৰে তাক ৰূপান্তৰিত কৰাৰ যাত্ৰাৰ আৰ্হিত যুৱ উদ্ভাৱনী মনসমূহক জড়িত কৰা, যাতে বজাৰত অংশগ্ৰহণক অধিক দায়িত্বশীল আৰু সৰ্বাংগীন কৰি তুলিব পৰা যায়।
ডিপজিটৰী ইক’চিষ্টেমে ২১ কোটিৰো অধিক বিনিয়োগকাৰীৰ ডিমেট একাউণ্টৰ সম্পদ সুৰক্ষিত কৰে। ছিকিউৰিটিজ বজাৰত অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰাৰ লগতে নাগৰিকসকলক এই সমৃদ্ধিৰ কাহিনীৰ পৰা লাভৱান হ’ব নোৱাৰা প্ৰাচীৰসমূহ কৌশলগতভাৱে সমাধান কৰাৰ এক বিশাল সম্ভাৱনা আছে। ছেবি আৰু আৰবিআইৰ দৰে নিয়ন্ত্ৰকৰ একেধৰণৰ পদক্ষেপৰ ওপৰত ভিত্তি কৰি চিডিএছএলে যুৱ উদ্ভাৱকসকলক অধিক লোকক বিত্তীয় ক্ষেত্ৰলৈ অনাৰ ক্ষেত্ৰত নিজৰ নিজৰ দৃষ্টিভংগীৰ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। এই পদক্ষেপে বিনিয়োগকাৰীৰ শিক্ষা আৰু পৰিসৰত সচেতন আৰু দায়িত্বশীল অংশগ্ৰহণ বৃদ্ধি কৰি বজাৰত প্ৰৱেশাধিকাৰ সুলভ কৰাৰ চেষ্টা কৰিছে। এই পদক্ষেপে তিনিটা মূল নীতি : সবলীকৰণ, অন্তৰ্ভুক্তি আৰু বিশ্বাসক প্ৰতিফলিত কৰিব লাগে। “প্রতিভূতি বজাৰ স্বজ্ঞাত, অন্তৰ্ভুক্তিমূলক আৰু প্ৰতিজন বিনিয়োগকাৰীৰ বাবে সুলভ হ’ব লাগিব আৰু আইডিয়াথনে ৰাষ্ট্ৰ নিৰ্মাণ আৰু আত্মনিৰ্ভৰ বিনিয়োগকাৰীৰ দৃষ্টিভংগীক শক্তিশালী কৰাৰ প্ৰতি চিডিএছএলৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।”
চিডিএছএল-ৰ পৰিচালন সঞ্চালক তথা চিইঅ’ নেহাল ভ’ৰাই এইদৰে কয়। আইডিয়াথনত উদ্ভাৱন আৰু সৃষ্টিশীলতাক পুৰস্কৃত কৰা হ’ব, য’ত বিজয়ী আইডিয়া(আৰ্হি)ৰ বাবে ৫ লাখ টকা, ৰানাৰ্ছ আপৰ বাবে ৩ লাখ আৰু ২ লাখ টকা আৰু চতুৰ্থ আৰু পঞ্চম স্থানৰ বাবে ৭৫,০০০ টকাকৈ ধৰি মুঠ ১১.৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। আইডিয়াথন ২০২৫ৰ বাবে পঞ্জীয়ন ১৭ নৱেম্বৰত মুকলি হ’ব। চাৰিজনলৈকে শিক্ষাৰ্থী আৰু এজন মেণ্টৰ (একেটা প্ৰতিষ্ঠানৰ)ৰ এটা দলে অংশগ্ৰহণ কৰিব পাৰিব। সমস্যাৰ বিবৃতি, মূল্যায়ন আৰু সময়সীমাৰ সবিশেষ https://ideathon.cdslindia.com/ ত উপলব্ধ।
