আজি ঘোষণা হ’ল CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল। দশম শ্ৰেণীৰ পৰীক্ষাত ৯৩.৬৬% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৮৮.৩৯ ছাত্ৰ-ছাত্ৰী দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।ছাত্ৰ-ছাত্ৰীসকলে CBSE ৰ ৱেবচাইটৰ লগতে ডিজিলকাৰত পৰীক্ষাৰ ফলাফল চাব পাৰিব। এইবাৰ দুয়োটা পৰীক্ষাতে ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি।CBSE য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দশম শ্ৰেণীৰ পৰীক্ষাত এইবাৰ ৯৩.৬৬% ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে। চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ডিজিলকাৰতো ফলাফল পৰীক্ষা কৰিব পাৰিব।এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে ৮৮.৩৯ শতাংশ ছাত্ৰ-ছাত্ৰী। ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ডিজিলকাৰত ফলাফল চাব পাৰিব। বিশেষ কথা এয়াই যে, প্ৰতিবাৰৰ দৰে দ্বাদশ শ্ৰেণীৰ ফলাফলত এইবাৰো ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি। এইবাৰ ৯১.৬৪ শতাংশ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৫.৭০ শতাংশ।ফলাফল চাব পাৰিব
results.cbse.gov.in
results.cbse.nic.in
cbseresults.nic.in
cbseservices.digilocker.gov.in
