CBIৰ মুখ্য কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড…

79

বৃহস্পতিবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হয় দিল্লীস্থিত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ CBIৰ মুখ্য কাৰ্যালয়ত।

জানিব পৰা মতে, CBIৰ মুখ্য কাৰ্যালয়ৰ পাৰ্কিং স্থানত সংঘটিত হয় এই অগ্নিকাণ্ড। চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পূৰ্বেই ঘটনাস্থলীত ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই।