অনলাইন ট্ৰেডিং কেলেংকাৰী সম্পৰ্কীয় গোচৰত ১৮ অভিযুক্তৰ বিৰুদ্ধে পাঁচখন অভিযোগপত্ৰ দাখিল চিবিআইৰ

19

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে অসমত অধিক লাভৰ প্ৰলোভন দি বিনিয়োগকাৰীৰ সৈতে জড়িত কেলেংকাৰী সম্পৰ্কীয় পৃথক গোচৰত ১৮ জন অভিযুক্তৰ বিৰুদ্ধে গুৱাহাটীত আৰু পাঁচখন অভিযোগপত্ৰ দাখিল কৰিছে।

 বিষয়া এজনে সোমবাৰে এই কথা প্ৰকাশ কৰে। তেওঁৰ মতে, এই কেলেংকাৰীত হাজাৰ হাজাৰ সহজ-সৰল বিনিয়োগকাৰীক তেওঁলোকৰ জমাৰ ওপৰত উচ্চ ৰিটাৰ্ণৰ প্ৰলোভন দি প্ৰতাৰিত কৰা হৈছিল।

চিবিআইৰ গুৱাহাটী গোটে ১৬ জন ব্যক্তি আৰু দুটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰিছে।