অসম Archives - Purbottar Asomiya https://purbottar.com/category/অসম/ Wed, 15 May 2024 08:42:32 +0000 en-US hourly 1 https://purbottar.com/wp-content/uploads/2023/12/cropped-android-chrome-512x512-9-32x32.png অসম Archives - Purbottar Asomiya https://purbottar.com/category/অসম/ 32 32 178360463 নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ https://purbottar.com/the-supreme-court-has-declared-the-arrest-of-news-click-editor-prabir-purkayastha-illegal/ https://purbottar.com/the-supreme-court-has-declared-the-arrest-of-news-click-editor-prabir-purkayastha-illegal/#respond Wed, 15 May 2024 08:42:30 +0000 https://purbottar.com/?p=51371 উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত চীনা পুঁজিৰ সৈতে ভাৰত বিৰোধী কাৰ্যকলাপৰ অভিযোগত পুৰকায়স্থক গ্ৰেপ্তাৰ কৰিছিল।  তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছিল। পুৰকায়স্থই দিল্লী আৰক্ষীৰ দ্বাৰা তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক উচ্চতম ন্যায়ালয়ত […]

The post নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ appeared first on Purbottar Asomiya.

]]>
উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত চীনা পুঁজিৰ সৈতে ভাৰত বিৰোধী কাৰ্যকলাপৰ অভিযোগত পুৰকায়স্থক গ্ৰেপ্তাৰ কৰিছিল।

 তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছিল। পুৰকায়স্থই দিল্লী আৰক্ষীৰ দ্বাৰা তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।উচ্চতম ন্যায়ালয়ে পুৰকায়স্থৰ গ্ৰেপ্তাৰ আৰু আইনৰ দৃষ্টিত ৰিমাণ্ড অবৈধ বুলি অভিহিত কৰে আৰু তেওঁক মুক্তিৰ নিৰ্দেশ জাৰি কৰে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সন্দীপ মেহতাই এই গোচৰটোৰ শুনানি ৩০ এপ্ৰিলত সম্পূৰ্ণ কৰে। পুৰকায়স্থ যোৱা বছৰৰ ৩ অক্টোবৰৰ পৰা ইউএপিএৰ অধীনত কাৰাগাৰত আছিল। কপিল চিব্বলে আদালতত পুৰকায়স্থৰ হৈ তৰ্ক কৰিছিল।

The post নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-supreme-court-has-declared-the-arrest-of-news-click-editor-prabir-purkayastha-illegal/feed/ 0 51371
মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে https://purbottar.com/the-national-green-tribunal-ngt-has-sought-an-answer-from-the-government-on-the-massive-deforestation-in-manipur/ https://purbottar.com/the-national-green-tribunal-ngt-has-sought-an-answer-from-the-government-on-the-massive-deforestation-in-manipur/#respond Wed, 15 May 2024 08:31:21 +0000 https://purbottar.com/?p=51368 ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ কথা উল্লেখ কৰিছিল। বিষয়টোৰ শুনানিৰ সময়ত, এনজিটিয়ে মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে।বাতৰিটোত মন্ত্ৰীজনৰ […]

The post মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে appeared first on Purbottar Asomiya.

]]>
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মণিপুৰৰ বনাঞ্চল ব্যাপক হ্ৰাস সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টৰ কথা উল্লেখ কৰিছিল।

বিষয়টোৰ শুনানিৰ সময়ত, এনজিটিয়ে মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিছে।বাতৰিটোত মন্ত্ৰীজনৰ উদ্ধৃতি দি কয় যে ৰাজ্যখনৰ বনাঞ্চল ১৯৮৭ চনত ১৭,৪৭৫ বৰ্গ কিলোমিটাৰ (বৰ্গ কিলোমিটাৰ)ৰ পৰা ২০২১ চনত ১৬,৫৯৮ বৰ্গ কিলোমিটাৰলৈ হ্ৰাস পাইছে অৰ্থাৎ বনাঞ্চলত ৮৭৭ বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে।

এনজিটিৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু বিশেষজ্ঞ সদস্য এ চেন্থিল ভেলৰ বিচাৰপীঠে বাতৰি প্ৰতিবেদনটো লক্ষ্য কৰিছিল যে বনাঞ্চল হ্ৰাস হোৱাৰ মুখ্য কাৰণ অবাধ অহাৰ গছ কটা আৰু আফিম খেতি বুলি উল্লেখ কৰিছে।

The post মণিপুৰত ব্যাপক হাৰত বনাঞ্চল হ্ৰাস পোৱা সন্দৰ্ভত চৰকাৰ পৰা উত্তৰ বিচাৰিলে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/the-national-green-tribunal-ngt-has-sought-an-answer-from-the-government-on-the-massive-deforestation-in-manipur/feed/ 0 51368
“নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ https://purbottar.com/special-training-in-nipun-assam/ https://purbottar.com/special-training-in-nipun-assam/#respond Wed, 15 May 2024 07:19:30 +0000 https://purbottar.com/?p=51353 ৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে “নিপুণ অসম” ৰ অধীনত “শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা” অ’ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ’ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই। বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জিলা প্ৰালোচক মীনাক্ষী দাস, বৰপেটা ডায়েটৰ জেবিন চুলতানা আহমেদ আৰু বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে পিপিটিৰ জৰিয়তে নিৰ্ধাৰিত […]

The post “নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ appeared first on Purbottar Asomiya.

]]>
৫২০ নং কেওঁটকুছি বালিকা প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে “নিপুণ অসম” ৰ অধীনত “শ্ৰেণীকোঠা পৰ্যবেক্ষণ আহিলা” অ’ৰিয়েন্টেচন অনুষ্ঠিত হয়। উক্ত অ’ৰিয়েন্টেচনত সভাপতিত্ব বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি দ্বিজেন্দ্র কুমাৰ মিশ্ৰই। বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জিলা প্ৰালোচক মীনাক্ষী দাস, বৰপেটা ডায়েটৰ জেবিন চুলতানা আহমেদ আৰু বৰপেটা শিক্ষা খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে পিপিটিৰ জৰিয়তে নিৰ্ধাৰিত বিষয় সন্দৰ্ভত নিজৰ বক্তব্য সুন্দৰকৈ উপস্থাপন কৰে৷

শ্ৰেণীকোঠা পৰ্যবেক্ষণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়োৱা এপ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে কে,আৰ পি বাসৱ দত্ত দাসে। চেণ্ট্ৰেল স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰ’জেক্ট মেনেজাৰ ছাবিনা লস্কৰে শ্ৰেণীকোঠা কেনেকৈ পৰ্যবেক্ষণ কৰিব লাগিব তাৰ বিষয়ে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সকলক বিতংকৈ বুজাই দিয়ে।

উক্ত অ’ৰিয়েন্টেচনত উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য আগবঢ়াই জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) সীতাঙ্গ ডেকা আৰু জিলা আঁচনি বিষয়া (আই,ই) কিশোৰ ৰাজবংশীয়ে। সভাৰ আৰম্ভণিত বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক সমৰ বৰুৱাও উপস্থিত আছিল।

The post “নিপুণ অসম” ৰ বিশেষ প্ৰশিক্ষণ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/special-training-in-nipun-assam/feed/ 0 51353
বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ https://purbottar.com/three-missing-in-baghmarachar/ https://purbottar.com/three-missing-in-baghmarachar/#respond Wed, 15 May 2024 07:07:48 +0000 https://purbottar.com/?p=51341 চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ আলী,তেওঁৰ পত্নী জবেদা খাতুন আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ সন্তান জুবাইৰ আহমেদ নিৰুদ্দেশ হৈ আছে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত অৱগত কৰোৱাত […]

The post বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ appeared first on Purbottar Asomiya.

]]>
চেঙা সমিষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰত সোমবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক | গাঁওখনৰ কাদেৰ আলী,তেওঁৰ পত্নী জবেদা খাতুন আৰু তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ সন্তান জুবাইৰ আহমেদ নিৰুদ্দেশ হৈ আছে৷

সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত অৱগত কৰোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷একেটা পৰিয়ালৰে তিনি জনকৈ লোক নিৰুদ্দেশ হোৱা ঘটনাই বৃহত্তৰ বাঘমাৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কি কাৰণত এটা পৰিয়ালৰ তিনিজন ব্যক্তি নিৰুদ্দেশ হৈ আছে,সেয়া এতিয়াও পোহৰলৈ অহা

সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷এতিয়া আৰক্ষীয়ে তদন্ত কৰি ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হব নে ?সেয়া হ’ব লক্ষণীয়!

The post বাঘমাৰাচৰত তিনিজন নিৰুদ্দেশ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/three-missing-in-baghmarachar/feed/ 0 51341
চিবিএছইয়ে ঘোষণা কৰিলে দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%ac%e0%a6%bf%e0%a6%8f%e0%a6%9b%e0%a6%87%e0%a6%af%e0%a6%bc%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%b2%e0%a7%87-%e0%a6%a6/ https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%ac%e0%a6%bf%e0%a6%8f%e0%a6%9b%e0%a6%87%e0%a6%af%e0%a6%bc%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%b2%e0%a7%87-%e0%a6%a6/#respond Tue, 14 May 2024 12:55:25 +0000 https://purbottar.com/?p=51334 কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ তুলনাত ৯০ আৰু ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ […]

The post চিবিএছইয়ে ঘোষণা কৰিলে দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল appeared first on Purbottar Asomiya.

]]>
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ তুলনাত ৯০ আৰু ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ যোৱা বছৰৰ তুলনাত ০.৪৮ শতাংশ বৃদ্ধি হৈ ৯৩.৬০ শতাংশলৈ উন্নীত হৈছে। একেদৰে, দ্বাদশ শ্ৰেণীত, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, যি যোৱা বছৰৰ তুলনাত ০.৬৫ শতাংশ অধিক। দশম শ্ৰেণীৰ ফলাফলত, ৯৪.৭৫ শতাংশ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছাত্ৰৰ তুলনাত ২.০৪ শতাংশ অধিক ছাত্ৰী উত্তীৰ্ণ হয়। দ্বাদশ শ্ৰেণীত, ছাত্ৰীৰ উত্তীৰ্ণৰ শতাংশ ছাত্ৰতকৈ ৬.৪০ শতাংশ অধিক। চিবিএছইয়ে এই বছৰ পৰীক্ষাত যোগ্যতা-আধাৰিত প্ৰশ্নৰ সংখ্যা বৃদ্ধিৰ বাবে উত্তীৰ্ণৰ শতাংশ বৃদ্ধিৰ কথা দোহাৰিছে। পৰিষদৰ মতে, দ্বাদশ শ্ৰেণীত ১.১৬ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। আনহাতে ২৪,০৬৮ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰাত সফল হৈছে। যোৱা বছৰ, ১.১২ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল আৰু ২২,৬২২ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছিল। দশম শ্ৰেণীৰ পৰীক্ষাত ৪৭,০০০ তকৈও অধিক শিক্ষাৰ্থীয়ে ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। আনহাতে ২.১২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে। যোৱা বছৰ, দশম শ্ৰেণীৰ পৰীক্ষাত ১.৯৫ লাখ শিক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল, আনহাতে ৪৪,২৯৭ জন শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল।

The post চিবিএছইয়ে ঘোষণা কৰিলে দশম-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%9a%e0%a6%bf%e0%a6%ac%e0%a6%bf%e0%a6%8f%e0%a6%9b%e0%a6%87%e0%a6%af%e0%a6%bc%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%b2%e0%a7%87-%e0%a6%a6/feed/ 0 51334
ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক https://purbottar.com/dr-birubala-rava-should-be-given-better-treatment-bahubak/ https://purbottar.com/dr-birubala-rava-should-be-given-better-treatment-bahubak/#respond Sat, 11 May 2024 09:59:25 +0000 https://purbottar.com/?p=51252 পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব […]

The post ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক appeared first on Purbottar Asomiya.

]]>
পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে ড০ বীৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে । এইয়া আমাৰ অনুৰোধ নহয়, দাবী ।”

ড০ বীৰুবালা ৰাভাক অসম চৰকাৰে ক্ষীপ্ৰতাৰে ৰাজ্যৰ বাহিৰলৈ নি হ’লেও উন্নত চিকিৎসাৰ সু ব্যৱস্থা কৰিবৰ বাবে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, বিশিষ্ট গীতিকাৰ-কবি-সমাজ সচেতন লেখক শচীন দাস, প্ৰবীণ কন্ঠশিল্পী ডিজেন কাকতী, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বয়োজ্যেষ্ঠ কবি-সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, গোৱালপাৰা জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা জ্যোৎস্না নাথ, বামুণীমৈদান লেখিকা সংস্থাৰ সম্পাদিকা পুতুলী ঠাকুৰীয়া মেধি, মাহেকীয়া আলোচনী ‘সংযোগ’ৰ সম্পাদকীয় সম্পাদক প্ৰশান্ত গগৈ, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া প্ৰভৃতি দল-সংগঠনে অতি বিনম্ৰতাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে ।

The post ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/dr-birubala-rava-should-be-given-better-treatment-bahubak/feed/ 0 51252
শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ https://purbottar.com/wild-elephants-in-shimla/ https://purbottar.com/wild-elephants-in-shimla/#respond Fri, 10 May 2024 12:28:44 +0000 https://purbottar.com/?p=51229 দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷ কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি […]

The post শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ appeared first on Purbottar Asomiya.

]]>
দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷

কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি ধানৰ খেতি খাই তহলিং কৰে৷বিগত সময়ৰ দৰেই এই বছৰত যোৱা ছয় সাতদিন ধৰি হাতীৰ জাকটোৱে ইয়াৰে বিভিন্ন স্থানত ধান খেতি খাই তহিলং কৰাত সৰ্বসান্ত কৰি পেলাইছে অঞ্চলবাসী কৃষক ৰাইজক৷

এতিয়া হাতীৰ উপদ্ৰবত ৰাইজ আতংকিত হৈ নিশা ওজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ৷ এনে ক্ষেত্ৰত জিলা বন বিভাগৰ লগতে সংশ্লিষ্ট বনবিভাগে কোন ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷

The post শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/wild-elephants-in-shimla/feed/ 0 51229
শীৰ্ষ স্থান অবিহনে ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল https://purbottar.com/%e0%a6%b6%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8-%e0%a6%85%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%a8%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be/ https://purbottar.com/%e0%a6%b6%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8-%e0%a6%85%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%a8%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be/#respond Thu, 09 May 2024 12:56:37 +0000 https://purbottar.com/?p=51192 সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণ […]

The post শীৰ্ষ স্থান অবিহনে ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল appeared first on Purbottar Asomiya.

]]>
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণ হাৰ আছিল ৭০.১২ শতাংশ। অৰ্থাৎ বিগত বৰ্ষৰ তুলনা এইবাৰ উত্তীৰ্ণ হাৰ বহু বেছি। আনহাতে, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ আছিল ৮৪.৯৬ শতাংশ। একেদৰে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ আছিল ৭৯.৫৭ শতাংশ। অৰ্থাৎ তিনিওটা শাখাতে ২০২৩ বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। উল্লেখ্য যে এইবাৰ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী। আনহাতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৬৫,৫৩২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৭২,৭৭৫ গৰাকী শিক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ২৩,৫৫২ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১৭,৩৩৯জন, তৃতীয় বিভাগত উত্তীৰ্ণ ৮,০৬২ গৰাকী শিক্ষাৰ্থী। বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৫,৯১৫ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৮৭ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১৯৪ গৰাকী শিক্ষাৰ্থী। একেদৰে এইবাৰৰ ফলাফল অনুসৰি, উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষত জিলিকি উঠে বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত নলবাৰী জিলা, নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.০৩ শতাংশ। তৃতীয় স্থানত আছে দৰং জিলা, দৰঙৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৬.৫৯ শতাংশ। বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা। তামুলপুৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৯৮ শতাংশ। আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৭.৪২ শতাংশ।

The post শীৰ্ষ স্থান অবিহনে ঘোষণা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/%e0%a6%b6%e0%a7%80%e0%a7%b0%e0%a7%8d%e0%a6%b7-%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a6%be%e0%a6%a8-%e0%a6%85%e0%a6%ac%e0%a6%bf%e0%a6%b9%e0%a6%a8%e0%a7%87-%e0%a6%98%e0%a7%8b%e0%a6%b7%e0%a6%a3%e0%a6%be/feed/ 0 51192
৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি https://purbottar.com/43-15-percent-increase-in-indias-muslim-population-in-65-years/ https://purbottar.com/43-15-percent-increase-in-indias-muslim-population-in-65-years/#respond Thu, 09 May 2024 12:11:40 +0000 https://purbottar.com/?p=51187 প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। বিশ্লেষণ কৰা অনুসৰি ১৬৭ খন দেশৰ ভিতৰত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ অংশ হ্ৰাস হোৱাৰ ক্ষেত্ৰত কেৱল ম্যানমাৰহে ভাৰততকৈ আগবাঢ়ি আছে। ম্যানমাৰত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ […]

The post ৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি appeared first on Purbottar Asomiya.

]]>
প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। বিশ্লেষণ কৰা অনুসৰি ১৬৭ খন দেশৰ ভিতৰত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ অংশ হ্ৰাস হোৱাৰ ক্ষেত্ৰত কেৱল ম্যানমাৰহে ভাৰততকৈ আগবাঢ়ি আছে। ম্যানমাৰত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১০ শতাংশ হ্ৰাস পাইছে।

১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৭.৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ সংখ্যা ৮৪.৬৮ শতাংশৰ পৰা ৭৮.০৬ শতাংশলৈ হ্ৰাস পাইছে। ভাৰতত, ১৯৫০ চনত মুছলমান জনসংখ্যাৰ অংশ আছিল ৯.৮৪ শতাংশ, যি ২০১৫ চনত ১৪.০৯ শতাংশলৈ বৃদ্ধি হৈছে, অৰ্থাৎ মুছলমান জনসংখ্যাৰ অংশত ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। দক্ষিণ এছিয়াৰ চুবুৰীয়া দেশৰ তুলনাত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতা হ্ৰাস হোৱাৰ ক্ষেত্ৰত ভাৰত কেৱল ম্যানমাৰৰ পিছত আছে।প্ৰতিবেদন অনুসৰি, ভাৰতত মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আৰু শিখ সম্প্ৰদায়ৰ অংশ বৃদ্ধি পাইছে আৰু জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস পাইছে।

১৯৫০ চনত খ্ৰীষ্টান সম্প্ৰদায়ৰ জনসংখ্যা আছিল ২.২৪ শতাংশ আছিল, যি ২০১৫ চনলৈ ৫.৩৮ শতাংশ বৃদ্ধি হৈ এতিয়া ২.৩৬ শতাংশ হৈছে। শিখ জনসংখ্যা ১.২৪ শতাংশৰ পৰা ১.৮৫ শতাংশলৈ বৃদ্ধি পাইছে। ১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত শিখ জনসংখ্যাৰ অংশ ৬.৫৮ শতাংশ বৃদ্ধি পাইছে। বৌদ্ধ সম্প্ৰদায়ৰ জনসংখ্যা ১৯৫০ চনত ০.০৫ শতাংশৰ পৰা ২০১৫ চনত ০.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

The post ৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/43-15-percent-increase-in-indias-muslim-population-in-65-years/feed/ 0 51187
‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি https://purbottar.com/state-level-adventure-trekking-camp/ https://purbottar.com/state-level-adventure-trekking-camp/#respond Mon, 06 May 2024 10:52:16 +0000 https://purbottar.com/?p=51073 উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত মালিগাঁৱৰ ‘ভাৰত স্কাউট আৰু গাইডৰ’ ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ […]

The post ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি appeared first on Purbottar Asomiya.

]]>
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল’বেল এডভেঞ্চাৰ এছ’চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া ‘ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প’, অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত মালিগাঁৱৰ ‘ভাৰত স্কাউট আৰু গাইডৰ’ ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ অৰূপ ডেকা আৰু প্ৰথম অসমীয়া এভাৰেষ্টাৰ তৰুণ শইকীয়াই ।

অনুষ্ঠানত উপস্থিত থাকে এন এফ ৰেলৱেৰ বিষয়া  চি এছ পণ্ডিত,  এ কে বৈশ্য আৰু  খগেশ দাস । এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰভাৰ আৰু ৰেঞ্জাৰ মিলি মুঠ ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। কাৰ্যসূচীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে ৰক ক্লাইম্বিং, ৰেপেলিং, হাই ৰ’প, বিলে কৌশল, জলপ্ৰপাত বগাই যোৱা, নদী আৰু ডেল্টা ক্ৰছিঙৰ ব্যৱহাৰিক শিক্ষা লাভ কৰে।

তদুপৰি ৰছীৰ গাঁঠিৰ বিষয়ে, ৰক ক্লাইম্বিং, পৰ্বতাৰোহণৰ সঁজুলি সম্পৰ্কে তথা  দলক নেতৃত্ব দিয়াৰ  দক্ষতাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় । দলটোৱে ভাৰতৰ অন্যতম বিখ্যাত ট্ৰেক- মেঘালয়ৰ ইষ্ট খাছি পাহাৰীয়া জিলাৰ “ডেভিদ স্কট ট্ৰেইল” সফলতাৰে অভিযান সম্পূৰ্ণ কৰে ।

The post ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি appeared first on Purbottar Asomiya.

]]>
https://purbottar.com/state-level-adventure-trekking-camp/feed/ 0 51073