কাৰ্ডিঅ’ভাস্কুলাৰৰ বিপদাশংকা বৃদ্ধি পোৱাৰ এই সন্ধিক্ষণত স্বাস্থ্য বীমাক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ

80

ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কসকলৰ মাজত হৃদধমনীয় ৰোগ বা কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ (চিভিডি) ঘটনা শেহতীয়া বছৰবোৰত উদ্বেগজনক স্তৰলৈ বৃদ্ধি পাইছে, সেয়েহে অধিক সজাগতা আৰু ব্যাপক স্বাস্থ্য আৱৰণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিছে। শেহতীয়াকৈ প্ৰকাশিত দ্য লেন্সেটৰ ‘ভাৰতীয়সকলৰ ক্ষেত্ৰত বৰ্ধিত কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগ মহামাৰী’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিশ্বৰ গড় হাৰৰ তুলনাত দেশখনে যথেষ্ট বেছি চিভিডিৰ বোজা বা সমস্যাৰ সন্মুখীন হৈছে, ২০২৪ বৰ্ষত বয়স অনুসৰি প্ৰতি এক লাখ লোকৰ ভিতৰত মৃত্যুৰ হাৰ ২৮২ জন—যি গোলকীয়  প্ৰতি এক লাখৰ ভিতৰত ২৩৩ জনৰ গড়তকৈ যথেষ্ট বেছি।

ইয়াৰ লগতে ভাৰতত চিভিডিৰ বাবে বয়স অনুসৰি অক্ষমতা-সামঞ্জস্যকৃত জীৱন বছৰ(ডেইলী)ৰ হাৰ বিশ্বৰ গড়ৰ ১.৩ গুণ অধিক। এই প্ৰৱণতাৰ সঁহাৰি স্বৰূপে কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ বিতৰণ বিভাগৰ মুৰব্বী অজয় শ্বাহে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “হৃদযন্ত্ৰ বা হৃদজনিত ৰোগ এসময়ত মুখ্যতঃ বৃদ্ধ লোকসকলৰ সৈতেহে সম্পৰ্কিত আছিল, বৰ্তমান যুৱ প্ৰাপ্তবয়স্ক বা কম বয়সীয়া লোকসকলৰ মাজতো উদ্বেগজনক হাৰত প্ৰভাৱিত হৈছে বা আক্ৰান্ত হৈছে।” কেয়াৰ হেল্থ ইঞ্চুৰেন্সৰ উদ্ভাৱনী মূলক সেৱাই হৃদৰোগকে ধৰি জটিল ৰোগবোৰক ব্যাপক আৱৰণ প্ৰদান কৰাৰ বাবে সাৱধানে প্ৰস্তুত কৰা হৈছে।

কেয়াৰ হাৰ্ট হৈছে হৃদযন্ত্ৰ-নিৰ্দিষ্ট স্বাস্থ্য বীমা, যাক পূৰ্ব-বিদ্যমান হৃদযন্ত্ৰৰ স্থিতি থকা ব্যক্তিসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। ই স্বাস্থ্য ব্যৱস্থাপনাৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু কেয়াৰ হেল্থ ইঞ্চুৰেন্সত আমি সমগ্ৰ ভাৰতৰ ব্যক্তি আৰু পৰিয়ালৰ বিত্তীয় সুৰক্ষা সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত হৈ আছোঁ।