শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত এখন কনক্লেভৰ সময়ত হৃদৰোগ বিশেষজ্ঞসকলে হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত হোৱা বাধা বা সমস্যা দূৰ কৰিবলৈ বাষ্পীভৱন কৰা লেজাৰ ভিত্তিক চিকিৎসা প্ৰদৰ্শন কৰে। লেজাৰ থেৰাপী নামেৰে জনাজাত এই কৌশল হৈছে নূন্যতম আক্ৰমণাত্মক পদ্ধতি য’ত ধমনীৰ মাজেৰে পাতল, বিশেষ কেথেটাৰক বন্ধ হৈ থকা ঠাইডোখৰলৈ লৈ যোৱা হয়। কেথেটাৰে উচ্চ শক্তিৰ লেজাৰ পোহৰৰ নিয়ন্ত্ৰিত বাৰ্ষ্ট নিৰ্গত কৰে যিয়ে ভিতৰৰ পৰা বাধা দূৰ কৰে।
এসময়ত বন্ধ হৈ পৰা হৃদযন্ত্ৰৰ ধমনীবোৰৰ চিকিৎসাৰ অৰ্থ আছিল মুকলি অস্ত্ৰোপচাৰ, দৃশ্যমান দাগ আৰু দীঘলীয়া আৰোগ্যৰ সময়। শেহতীয়াভাৱে চিকিৎসকসকলে জমা প্লেক পৰিষ্কাৰ কৰিবলৈ লেজাৰ লাইটৰ প্ৰয়োগ কৰে-যি ৰূপান্তৰে দেখুৱাইছে যে হৃদযন্ত্ৰৰ যত্নই কিমান দূৰ আগবাঢ়িছে।
গুৰুগ্ৰামৰ মেদান্তা-দ্য মেডিচিটীৰ ইণ্টাৰভেনচনেল কাৰ্ডিঅ’লজী বিভাগৰ অধ্যক্ষ ডাঃ প্ৰবীন চন্দ্ৰই এই উন্নত চিকিৎসাৰ বিষয়ে উল্লেখ কৰিছে যাক পোনপটীয়াকৈ বিজ্ঞান কল্পকাহিনীত সাধাৰণতে দেখা যায় কিন্তু আজিৰ তাৰিখত ই এক চিকিৎসা বাস্তৱ। তেওঁ কয় যে, “লেজাৰে নলীৰ বেৰৰ ক্ষতি নকৰাকৈ ধমনী পৰিষ্কাৰ কৰে। বেছিভাগ ক্ষেত্ৰতে, ৰক্ত প্ৰৱাহ ইমান ফলপ্ৰসূভাৱে উন্নত হয় যে ৰোগীসকলক ষ্টেণ্টৰো প্ৰয়োজন নহয় “, অনুষ্ঠানত চিকিৎসকসকলক প্ৰযুক্তিৰ বিষয়ে প্ৰাথমিক অন্তৰ্দৃষ্টি প্ৰদান কৰি ডাঃ চন্দ্ৰই এইদৰে কয়।
এই সুবিধাসমূহ প্ৰক্ৰিয়াটোৰ উৰ্ধ্বলৈ সম্প্ৰসাৰিত হোৱাৰ কথা সদৰি কৰি ডাঃ চন্দ্ৰই কয় যে, “ৰোগীসকলে এই ব্যৱস্থাত কম বিষ অনুভৱ কৰে, দ্ৰুতভাৱে সুস্থ হয় আৰু সাধাৰণতে চিকিৎসালয়ত থকাৰ সময়ো কম হয়। বেছিভাগেই কম সময়ৰ ভিতৰতে নিজৰ নিজৰ স্বাভাৱিক ৰুটিনলৈ ঘূৰি আহিব পাৰে”, তেওঁ কয় যে বৰ্তমান, মেদান্তই প্ৰতিদিনে এনে ৩-৪টা প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰে।
লেজাৰ থেৰাপীক হৃদযন্ত্ৰৰ যত্নৰ ভৱিষ্যতৰ এক আভাস হিচাপে বৰ্ণনা কৰি ডাঃ চন্দ্ৰই কয় যে, “এই সুবিধাসমূহ প্ৰক্ৰিয়াটোৰ উৰ্ধ্বলৈ সম্প্ৰসাৰিতএই পদ্ধতিটো ৰেষ্টেনোছিছৰ দৰে জটিল আৰু উচ্চ-বিপদাশংকাৰ ক্ষেত্ৰত বিশেষভাৱে উপযোগী, য’ত এঞ্জিঅ’প্লাষ্টিৰ পিছত ধমনীবোৰ পুনৰ সংকুচিত হয় অথবা যেতিয়া পূৰ্বতে ৰখা ষ্টেণ্টৰ ভিতৰত ক্লট গঠন হয়, যি এক সম্ভাৱ্য জীৱনলৈ ভাবুকি কঢ়িয়াই অনা জটিলতা। লেজাৰ প্ৰযুক্তিয়ে আমাক অধিক নিখুঁততা আৰু সুৰক্ষাৰে এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত সহায় কৰে”, তেওঁ এইদৰে ব্যাখ্যা কৰে।
উদ্ভাৱনৰ দ্ৰুত গতিধাৰাৰ ওপৰত আলোকপাত কৰি ডাঃ চন্দ্ৰই কয় যে হৃদৰোগ বিজ্ঞান এনে এক যুগত প্ৰৱেশ কৰিছে য’ত প্ৰযুক্তিয়ে মানৱ দক্ষতা ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। “উন্নত ইমেজিং চিষ্টেমে এতিয়া চিকিৎসকসকলক ৰক্তবাহী নলীৰ প্ৰায় ৩৬০ ডিগ্ৰী ভিউ প্ৰদান কৰে, যাৰ ফলত চিকিৎসাৰ পৰিকল্পনা সহজ হয় আৰু অসাধাৰণ সঠিকতাৰে কাৰ্যকৰীকৰণ সম্ভৱ হয়। প্ৰতি কেইমাহমানৰ মূৰে মূৰে ৰোগ নিৰ্ণয় আৰু ঔষধৰ বিকাশ ঘটিছে “, তেওঁ এইদৰে উল্লেখ কৰে।
