নাহিদ আফ্ৰিনৰ পিতৃ – মাতৃ দুৰ্ঘটনাগ্ৰস্থ

107

ডেৰগাঁৱৰ সমীপৰ দাধৰাত মটৰ দুৰ্ঘটনাত আহত নাহিদ আফ্ৰিনৰ পিতৃ মাতৃ। চাকৰিসুত্ৰে অলপতে যোৰহাটলৈ বদলি হোৱাত নাহিদৰ পিতৃয়ে যোৱা ২৫ মে’ত যোৰহাটত যোগদান কৰিছিল। আজি নিজে গাড়ী চলাই পত্নীৰ সৈতে যোৰহাটলৈ গৈ থকা অৱস্থাতে কিছু সময় পূৰ্বে দাধৰাত তেওঁৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ পথাৰত বাগৰি পৰে। গাড়ীখন বিধ্বস্ত হয় যদিও ভাগ্যক্ৰমে দুয়ো ৰক্ষা পৰে। অৱশ্যে কিছু আঘাতপ্ৰাপ্ত হোৱাত দুয়োকে ডেৰগাওঁ পাব্লিক হেল্থ চিকিৎসালয়লৈ অনা হয় । চিকিৎসকে দুয়োকে পৰীক্ষা কৰি ভিতৰুৱা আঘাতৰ উমান পাই উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ প্ৰেৰণ কৰিছে।