মিউচুৱেল ফাণ্ডত বিনিয়োগ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ বাবে ভাৰতৰ দ্বিতীয় পুৰণি সম্পদ ব্যৱস্থাপনা প্ৰতিষ্ঠান কানাৰা ৰবেকো এচেট মেনেজমেণ্ট কোম্পানী লিমিটেডে অসমত ‘নিৱেশ বাছ যাত্ৰা’ আৰম্ভ কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে গুৱাহাটীৰ পৰা আৰম্ভ কৰি যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰ চহৰৰ বিনিয়োগকাৰীক শিক্ষা-সজাগতা প্ৰদান কৰা। এই বাছখনে গুৱাহাটীত তিনিদিন কটাব আৰু তাৰ পিছত অসমৰ আন চহৰলৈ আগবাঢ়িব, এই যাত্ৰাত ব্যৱহাৰিক শিক্ষণ অনুষ্ঠান, ডিজিটেল সঁজুলিৰ সহজ প্ৰদৰ্শনেৰে স্থানীয় লোকসকলক জড়িত কৰিব। এই কাৰ্যসূচীয়ে বিনিয়োগ সৰল কৰা, ভ্ৰান্ত তথ্যসমূহ দূৰ কৰা আৰু বাসিন্দাসকলক দীৰ্ঘম্যাদী বিত্তীয় পৰিকল্পনা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্য ৰাখিছে।
কানাৰা ৰবেকো এএমচি-ৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীশ নাৰুলাই এই বিষয়ে কয় যে, “এজন জ্ঞাত বিনিয়োগকাৰীয়ে বিত্তীয় পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰি উন্নত সিদ্ধান্ত লয়। নিৱেশ বাছ যাত্ৰাই সম্প্ৰদায়সমূহলৈ পোনপটীয়াকৈ বিত্তীয় সজাগতা কঢ়িয়াই আনে, যাৰ ফলত তেওঁলোকক দীৰ্ঘম্যাদী বিনিয়োগৰ কৌশল গ্ৰহণ কৰাত সহায় কৰে। ” যোৰহাট চহৰত এই পদক্ষেপে ব্যস্ত বজাৰত ব্যৱসায়ী আৰু বাসিন্দাসকলৰ সৈতে সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, মিউচুৱেল ফাণ্ডে বিত্তীয় পৰিকল্পনা আৰু সম্পদ সৃষ্টিত কেনেদৰে সহায় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰিব। স্থানীয় বিক্ৰেতা আৰু ক্ষুদ্ৰ বিনিয়োগকাৰীসকলে ঠাইতে নিৰ্দেশনা আৰু সহজে বুজিব পৰা প্ৰদৰ্শনৰ দ্বাৰা উপকৃত হোৱাৰ আশা কৰা হৈছে।
বিক্ৰী আৰু বিপণন বিভাগৰ মুৰব্বী গৌৰৱ গোৱেলে এই বিষয়ে কয় যে, “নিৱেশ বাছ যাত্ৰাই বিত্তীয় জ্ঞানক ব্যৱহাৰিক আৰু সুলভ কৰি বিনিয়োগকাৰীসকলক শক্তিশালী কৰি তোলে। আমাৰ লক্ষ্য হৈছে সমগ্ৰ অসমত আত্মবিশ্বাস গঢ়ি তোলা আৰু তথ্যপূৰ্ণ বিনিয়োগৰ সংস্কৃতিৰ প্ৰসাৰ-প্ৰচাৰ কৰা।”
