এইবাৰ বিশ্ব চৰ্ম স্বাস্থ্য দিৱসৰ দিনা “ছালৰ স্বাস্থ্য অবিহনে কোনো স্বাস্থ্য নাই” শীৰ্ষক থিমটোৱে শৰীৰৰ সামগ্ৰিক সুস্থতাত ছালৰ ভূমিকাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। ছালৰ স্বাস্থ্য এতিয়া বাহ্যিক ছালৰ যত্নৰ ৰুটিনৰ বহু উৰ্ধ্বলৈ গৈছে—দৈনিক খাদ্যৰ পছন্দৰ সৈতে ই ভিতৰৰ পৰা আৰম্ভণি ঘটে। ভিটামিন ই আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ কেলিফৰ্ণিয়া আলমণ্ডৰ দৰে ছালৰ অনুকূল খাদ্যকে ধৰি ছালৰ স্বাস্থ্যক সমৰ্থন কৰে আৰু আপোনাক আপোনাৰ শ্ৰেষ্ঠ ৰূপ আৰু অনুভৱ কৰাত সহায় কৰে। কেলিফৰ্ণিয়া আলমণ্ড ১৫টা প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ শক্তিশালী স্থল, ইয়াৰে বহুতেই ছালৰ টেক্সচাৰ আৰু ট’ন উন্নত কৰাত সহায় কৰে। আধুনিক পুষ্টি বিজ্ঞানৰ উপৰিও আয়ুৰ্বেদ, সিদ্ধ, ইউনানি আদি পৰম্পৰাগত ব্যৱস্থাই আলমণ্ডক দীৰ্ঘদিন ধৰি ছালৰ উপকাৰিতাৰ বাবে স্বীকৃতি দি আহিছে। তদুপৰি নিয়মিত আলমণ্ড সেৱনে ইউভিবি ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে, যি ভাৰতৰ উত্কট গৰমত অতি উপকাৰী। ভিটামিন ই আৰু স্বাস্থ্যকৰ চৰ্বিয়ে বয়স বৃদ্ধি ৰোধ গুণ আৰু ছালৰ স্বাস্থ্যত অৰিহণা যোগোৱা দেখা গৈছে।
বিশ্ব চৰ্ম স্বাস্থ্য দিৱস আৰু ছালৰ যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে চৰ্ম বিশেষজ্ঞ আৰু প্ৰসাধন বিশেষজ্ঞ ডাঃ গীতিকা মিট্টাল গুপ্তাই কয় যে, “মোৰ এটা প্ৰধান পৰামৰ্শ হ’ল আপোনাৰ দৈনন্দিন আহাৰৰ অংশ হিচাপে মুষ্টিমেয় আলমণ্ড অন্তৰ্ভুক্ত কৰা-ইয়াক হয় জলপান হিচাপে খাব পাৰে অথবা আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।” বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী চোহা আলী খানে কয় যে, “আলমণ্ড কেৱল পুষ্টিকৰেই নহয়, ভিটামিন ই-ৰো সমৃদ্ধ উত্স, যিয়ে ছালৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে।” মেক্স হেলথকেয়াৰ-নতুন দিল্লীৰ ডায়েটেটিক্স বিভাগৰ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে কয় যে, “প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি, ঋতুভিত্তিক ফলমূল আৰু সন্তুলিত আহাৰেৰে দিনটোত মাত্ৰ কেইটামান আলমণ্ড খালেহে এক প্ৰকৃত পৰিৱৰ্তন আহিব পাৰে।” আয়ুৰ্বেদ বিশেষজ্ঞা মধুমিতা কৃষ্ণনে কয় যে, “ফলমূল, শাক-পাচলি আৰু আলমণ্ডৰ দৰে বাদাম সমৃদ্ধ আহাৰে সামগ্ৰিক ছালৰ স্বাস্থ্য ভালে ৰখাত সমৰ্থন কৰে।”
ফিটনেছ গুৰু পাইলেটছ ইন্সট্ৰাক্টৰ য়াচমিন কৰাচীৱালাই কয় যে, “স্বাস্থ্যৱান ছাল দুটা প্ৰয়োজনীয় বস্তুৰ ওপৰত নিৰ্ভৰ কৰে-সঠিক আহাৰ গ্ৰহণ আৰু সক্ৰিয় হৈ থকা।” জনপ্ৰিয় দক্ষিণ ভাৰতীয় অভিনেত্ৰী শ্ৰীয়া চৰনে কয় যে, “আলমণ্ড মোৰ পচন্দৰ পাতলীয়া খাদ্য-এইসমূহ এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু প্ৰটিনেৰে ভৰি আছে যিয়ে মোক সম্পূৰ্ণ, শক্তিশালী হৈ থাকিবলৈ আৰু সামগ্ৰিক ছালৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে।”
