নাগৰিকত্ব সংশোধনী আইন(কা)ৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ লগে লগে জাঙুৰ খাই উঠিছে অসমৰ দল- সংগঠনসমূহ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকনে। তেওঁ কয়, :”অসমে কা মনা নাছিল এই সিদ্ধান্তও নামানে। এই অধিসূচনাই অসম আৰু অসমীয়াৰ আবেগক নসাৎ কৰিছে।”
এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে।তেওঁ কয়, “অসমৰ পৰিবেশ সুকীয়া,ইতিমধ্যে ২০ বছৰৰ বোজা অসমে লৈছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে অসম চৰকাৰক এই সিদ্ধান্ত শীঘে বাতিল কৰাৰ দাবী জনাই সমীৰন ফুকন। AASUৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, এই নিৰ্দেশনা কাৰ্যকৰী হ’লে অসমৰ জনগাঁথনিত ব্যাপক প্ৰভাৱ পৰিব। অসমৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি আহিব।”
