বাইজুউৰ মুখ্য সামাজিক প্ৰভাৱ প্ৰচেষ্টা, এডুকেশ্বন ফৰ অল (ইএফএ)য়ে ইয়াৰ আৰম্ভণিৰ এক বছৰৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে আৰু প্ৰযুক্তি-চালিত শিক্ষাক সুলভ, ন্যায়সঙ্গত আৰু সকলোৰে বাবে সম্ভৱ কৰি ২৬ খন ৰাজ্য আৰু ৩৪০+ জিলাৰ ৩.৪ নিযুত শিশুক প্ৰভাৱিত কৰিছে। এই গুৰুত্বপূৰ্ণ এক বছৰ পূৰ্তি উপলক্ষে, বাইজুৰ এডুকেশ্বন ফৰ অল-এ ২০২৫ চনৰ ভিতৰত উচ্চ মানদণ্ডৰ ডিজিটেল শিক্ষাৰ জৰিয়তে ১০ নিযুত শিশুক শক্তিশালী কৰাৰ লক্ষ্য ৫ নিযুতৰ পৰা সংশোধন কৰিছে যিটো এই পদক্ষেপৰ আৰম্ভণিতে সিদ্ধান্ত লোৱা হৈছিল।
বাইজুৰ সকলোৰে বাবে শিক্ষা, ইয়াৰ অংশীদাৰ বেচৰকাৰী সংগঠনবোৰৰ জৰিয়তে, ভাৰতৰ গ্ৰাম্য অঞ্চল আৰু নগৰবস্তিৰ শিশুসকলক বাইজু-ৰ বিনামূলীয়া ষ্ট্ৰীমিং অনুজ্ঞাপত্ৰপ্ৰাপ্তিৰ সৈতে শিকাৰ সমান সুযোগ লাভ কৰিবলৈ সক্ষম কৰি আহিছে। ই পৰ্যাপ্ত সম্পদৰ সৈতে শিক্ষাৰ্থীসকলক শক্তিশালী আৰু সক্ষম কৰি আৰু ডিজিটেল শিক্ষাৰ এক বিস্তৃত পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলি সমগ্ৰ দেশজুৰি ডিজিটেল বিভাজন দূৰ কৰাৰ এক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
সকলোৰে বাবে শিক্ষাৰ বাৰ্ষিক মাইলৰ খুঁটি সন্দৰ্ভত বাইজুৰ সহ প্ৰতিষ্ঠাপক দিব্যা গোকুলনাথে কয়, “আমি বিশ্বাস কৰোঁ যে দেশৰ যুৱ মনৰ অপৰিসীম প্ৰতিভা আছে, আৰু সঠিক সম্পদ আৰু সমৰ্থনৰ দ্বাৰা আমি একেলগে ভাৰতৰ ভৱিষ্যত সলনি কৰিব পাৰোঁ।”