২৮ অক্টোবৰত গুৱাহাটীত ব্যতিক্ৰম-এ স্মৰণ কৰিব ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শচীন দেৱ বৰ্মনক

8

সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ চেণ্টাৰত অহা ২৮ অক্টোবৰত ভাৰতীয় সংগীত জগতৰ কিংবদন্তি শচীন দেৱ বৰ্মনৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছে।

ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ২৮ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান। সন্ধিয়াৰ মূল আকৰ্ষণ হ’ব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক “এছ ডি বৰ্মন সোঁৱৰণী ব্যাতিক্ৰম জীৱনজোৰা সাফল্য বঁটা ২০২৪” প্ৰদান কৰা। এই বঁটাৰ বাবে বাচনি কৰাত কৃতজ্ঞতা জ্ঞাপন কৰি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, ‘ড০ ভূপেন হাজৰিকাৰ দৰে শচীন দেৱ বৰ্মন উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ। যিকোনো এগৰাকী শিল্পীয়ে শচীন দেৱ বৰ্মনৰ নামত বঁটা লাভ কৰাটো এক সন্মান আৰু গৌৰৱৰ কথা।” এই অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল, ত্ৰিপুৰাৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা অধ্যাপক ড০ মাণিক সাহাকে ধৰি কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকিব।

সন্ধিয়া বঁটা বিতৰণ অনুষ্ঠানত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশিত হ’ব। অনুষ্ঠানত চম্পা চক্ৰৱৰ্তীৰ নেতৃত্বত এক বিশেষ নৃত্য প্ৰদৰ্শন কৰা হ’ব, য’ত শচীন দেৱ বৰ্মনৰ সংগীত উদযাপন কৰা হ’ব। ‘ব্যতিক্ৰম’ৰ সভাপতি ড০ সৌমেন ভাৰতীয়ই অসম আৰু ত্ৰিপুৰাৰ মাজত সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলোকে সংগীত আৰু ঐতিহ্য উদযাপনৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়।