তৃতীয় ব্যতিক্ৰম মহিলা সন্মিলন ২০২৪ আয়োজনৰ কথা ঘোষণা ব্যতিক্ৰম মাছডোৰ

118

অসমৰ আগশাৰীৰ সামাজিক-সাংস্কৃতিক সংগঠন ব্যতিক্ৰম মাছডোৱে ১০ আগষ্টত গুৱাহাটীৰ হোটেল ভিভাণ্টাত ‘ব্যতিক্ৰম ৱমেন কনক্লেভ ২০২৪’ৰ তৃতীয় সংস্কৰণ আয়োজন কৰিব। এই বৰ্ষৰ সন্মিলনৰ লক্ষ্য হৈছে মহিলাসকলক সবলীকৰণ কৰা আৰু মহিলাসকলৰ উদ্যোগী প্ৰচেষ্টাক অধিক শক্তিশালী কৰা। আজিৰ সংবাদমেলত ব্যতিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়, সামাজিক আৰু সাংস্কৃতিক প্ৰতিনিধি (গ্লবেল) চিনু কিশোৰ, ৯২.৭ বিগ এফএমৰ আৰজে আলিয়া আৰু ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২৩ৰ শীৰ্ষ ১২গৰাকী ফাইনেলিষ্টৰ অন্যতম অনুষ্কা লেখাৰুৱে উপস্থিত থাকি আগন্তুক অনুষ্ঠানটোৰ বিষয়ে সদৰি কৰে। প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী অনন্যা মহন্তও উপস্থিত আছিল এই সংবাদমেলত।


এই মহিলা কনক্লেভে মহিলা পেছাদাৰীসকলৰ বাবে নেটৱৰ্ক আৰু সফল ব্যৱসায়িক পদ্ধতিৰ অন্তৰ্দৃষ্টি লাভ কৰাৰ এখন গতিশীল মঞ্চৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ কৃতিত্ব আৰু অভিজ্ঞতা প্ৰদৰ্শনৰ লগতে সাৰুৱা ভাষণ, বিশেষজ্ঞৰ মনোজ্ঞ আলোচনা, প্ৰদৰ্শনী অনুষ্ঠিত হ’ব। এই সন্মিলনত উপস্থিত থাকিব লগা মূল বক্তাসকলৰ ভিতৰত অন্যতম হৈছে নেৰিম গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সঞ্চালিকা ড০ সংগীতা ত্ৰিপাঠী আৰু জ্ঞান এডুকেচনেল ট্ৰাষ্টৰ অধ্যক্ষা জয়শ্ৰী ঘোষ।


সন্মিলনৰ আলোচনা চক্ৰত মহিলাৰ স্বাস্থ্য, বিত্তীয় অনুশাসন আৰু উদ্যমিতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। এই অনুষ্ঠানত লোকসভাৰ প্ৰাক্তন সাংসদ লকেট চেটাৰ্জী, সংগীত শিল্পী মনীষা হাজৰিকা আৰু প্ৰথিতযশা লেখিকা ড০ ৰীতা চৌধুৰীৰ দৰে বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰিব। ড০ সৌমেন ভাৰতীয়ই এই অনুষ্ঠানক লৈ আশা প্ৰকাশ কৰি কয় যে, “আমি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে মহিলাসকলৰ মাজত উল্লেখযোগ্য সফলতাৰ সাক্ষী হৈ আহিছোঁ। এই সন্মিলনৰ যোগেদি মহিলাসকলক আৰু অধিক সবলীকৰণ কৰিব।” আনহাতে, নিজৰ অনুভৱ প্ৰকাশ কৰি চিনু কিশোৰে কয় যে, “এইবাৰৰ কনক্লেভে ৰাজ্যখনৰ কৰ্মৰত মহিলাসকলৰ বাবে অমূল্য নেটৱৰ্কিং, শিক্ষা আৰু জ্ঞানৰ সম্ভাৱনা কঢ়িয়াই আনিছে।”