উত্তৰ–পূব ভাৰতৰ বিখ্যাত সামাজিক আৰু সাহিত্যিক সংগঠন ব্যতিক্ৰমৰ উদ্যোগত আয়োজিত চাৰিদিনীয়া “ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০” অহা ২৪ নৱেম্বৰ পৰা আৰম্ভ হৈ ২৭ নৱেম্বৰলৈ সফলভাৱে সম্পন্ন হয়। বহুভাষিক সাহিত্য, সংস্কৃতি বিনিময়, বিশ্বজনীন চিন্তাধাৰা আৰু সাহিত্যিক সম্প্ৰীতিৰ এক অমূল্য দৃষ্টান্ত হৈ পৰিছে এই বৰ্ষৰ সন্মিলন। অনুষ্ঠানত সহযোগিতা আগবঢ়াইছিল নেডফি আৰু অই দা এফ ছি বেঙ্ক। এইবাৰৰ সন্মিলনে উত্তৰ-পূব সাহিত্যক বিশ্বমঞ্চত নতুনকৈ পৰিচয় দাঙি ধৰিছে।আগৰ তিনিটা সংস্কৰণত , এছিয়া, আফ্ৰিকা আৰু আমেৰিকে ধৰি মুঠ ২৫ খনতকৈও অধিক দেশৰ সাহিত্যিক সকলৰ অংশগ্ৰহণে পাৰহৈ যোৱা ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহ উজ্বল কৰি তোলে।
এই বৰ্ষৰ কবি সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ পৰা সাহিত্যিকসকল অংশগ্ৰহণ কৰে।(গ্ৰীচ) মাৰিয়া মিষ্ট্ৰিঅ’টি ,(ইৰাক) ড° আলী আল-শ্বালাহ ,(অষ্ট্ৰেলিয়া ) ড° মাৰ্ক উইলিয়াম মেকলিয়ড ,(ফিলিপাইনছ) ডঃ এলিছ এম ছান-কুৱা (ভিয়েটনাম ) ট্ৰান হুউ ভিয়েট, (টিউনিছিয়া(ইউ কে) আহমেদ বেন আমোৰ জাবাৰ ,(ৰোমানিয়া ) ড° ষ্টেফান আলেকজেণ্ড্ৰু বাইছানু আৰু প্ৰফেছৰ ডঃ বৰ্ডেইনাউ কেটালিন লন ,(স্পেইন ) পেড্ৰ’ এনৰিকেজ মাৰ্টিনেজ ,(বাংলাদেশ) আমিনুৰ ৰহমান লগতে ভাৰত পৰা উপস্থিত থাকিব অশোক চক্ৰৱৰ্তী, বিকাশ সৰকাৰ, প্ৰফেছৰ ড° সুমন গুণ , নিশুতি মজুমদাৰ নিশুতি মজুমদাৰ, সুস্মিতা মজুমদাৰ, অধ্যাপিকা ড° সুমন গুনকে ধৰি আৰু সাহিত্য জগতৰ বহুতো বিশিষ্ট ব্যক্তি।
ব্যতিক্ৰমৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়াই কয় “এই চতুৰ্থ সংস্কৰণৰ জৰিয়তে বিশ্বব্যাপী সাহিত্যিক বিনিময় আৰু যুৱ প্ৰজন্মৰ অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সাহিত্য মানৱতাৰ সংযোগসূত্ৰ, আৰু এই সন্মিলনে সেই পথক অধিক শক্তিশালী কৰিছে। লগতে আমি বিশ্বাস কৰোঁ যে সাহিত্য আৰু সংস্কৃতিৰ বিনিময়েৰে সমগ্ৰ বিশ্বৰে সভ্যতা সমৃদ্ধীৰে উন্নত ঘটে।
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহ ক্ৰমে আছিল ।
২৪ নৱেম্বৰ তাৰিখে অৰ্থাত প্ৰথম দিনা আদৰণি পিছতে প্ৰতিনিধি সকলক অসমীয়া সাংস্কৃতিক জগতৰ এক গুৰুত্বপূৰ্ণ স্থান আৰু অসমৰ অন্যতম কীৰ্তিচিহ্ন সুধা কন্ঠ ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ যোৱা হয়। সন্ধিয়াত মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টত ‘মিৰ্চি’ৰ সহযোগত এক বিশেষ অভ্যর্থনা অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পিছত অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ক্ষেত্ৰ ভ্ৰমন কৰি অসমীয়া আধুনিক সংগীতৰ জাই যাত্ৰা ক অনুভৱ কৰে।
বাংলাদেশৰ কবি আমিনুৰ ৰহমান অনুষ্ঠানৰ সন্দৰ্ভত কয় “ব্যতিক্ৰমী লেখক সন্মিলনে বিশ্বৰ কণ্ঠক এক সৃষ্টিশীল মঞ্চত একত্ৰিত কৰে। প্ৰতিনিধিসকলক পথ প্ৰদৰ্শন কৰা আৰু অসমীয়া চহকী ক’লা সংস্কৃতিৰ বিষয়ে অবগত কৰাটো এক সন্মানৰ কথা।”
২৫ নৱেম্বৰ দ্বিতীয় দিন নেডফিৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মূল সাহিত্য অধিবেশন অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানৰ মূল কাৰ্যসূচী আছিল পেনেল আলোচনা ,সাহিত্য চৰ্চা দেশী-বিদেশী ১০০ জনতকৈ অধিক কবিৰ কবিতা পাঠ । মুখ্য অতিথি হিচাপে উপস্থিত আছিল দিল্লীস্হিত বাংলাদেশৰ হাইকমিশনাৰ এম ৰিয়াজ হামিদুল্লা, যাৰ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্রদান কৰে। অনুষ্ঠানত মাজতে এম ৰিয়াজ হামিদুল্লা ব্যতিক্ৰমক ধন্যবাদ জ্ঞাপন কৰি কয় ” সাহিত্যই কেনেদৰে সংস্কৃতিসমূহক একত্ৰিত কৰি বিশ্ব বুজাবুজিক শক্তিশালী কৰিব পাৰে তাৰ প্ৰমাণ ব্যাতিক্ৰম আন্তৰ্জাতিক লেখক সমাৰোহ। অসমৰ আত্মাস্পৰ্শী ঐতিহ্য সাহিত্য ওপৰত আলোচনা কৰাতো সচাকৈয়ে প্ৰশংসনীয়। লগতে এই ভুমিপুত্ৰ জুবিন গাৰ্গৰ দৰে আইকনে আমাক মনত পেলাই দিয়ে যে সৃষ্টিশীলতা আৰু সাংস্কৃতিক গৌৰৱেই হৈছে জাতিসমূহৰ মাজত প্ৰকৃত সেতু। অসমৰ সজীৱ ভূমিখনে বিশ্বৰ সৈতে নিজৰ কণ্ঠ ভাগ-বতৰা কৰাটো সাক্ষী হোৱাটো এক গৌৰৱৰ কথা।”
ব্যতিক্ৰমে সদায় পাঠক আৰু লেখকৰ মাজৰ সেতুবন্ধ শক্তিশালী কৰি আহিছে। সেই লক্ষ্যক আগত ৰাখি এইবাৰ অসমীয়া আৰু ইংৰাজী—দুয়ো ভাষাৰ কিতাপ একে মঞ্চতে উন্মোচন কৰা হ’ল। জিতেন নাথৰ “বেঁচে আছি তাই” আৰু দিলাছ লক্ষ্মীন্দৰ সিনহাৰ “Bemused Time” নামৰ দুখন মূল্যৱান কিতাপ পাঠকৰ হাতত সমৰ্পণ কৰি ব্যতিক্ৰমে সাহিত্যিক বিনিময় আৰু আন্তঃভাষাগত সংযুক্তিক আৰু সমৃদ্ধ কৰি তুলিলে।
তাৰপিছতে বিয়লি প্ৰতিনিধিসকল মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰ পৰিদৰ্শন কৰে।সন্ধিয়া নৱটেল হোটেল, গুৱাহাটী স্থিত বাংলাদেশৰ এচিষ্টেণ্ট হাইকমিশনাৰ Mr. Zikrul Hasan Fahad তৰফৰ পৰা সকলো অতিথিক সম্বৰ্ধনা জনোৱা লগতে কবিতা গভীৰতাত বিষয়ে আলোচনা কৰে।
২৬ নৱেম্বৰ তৃতীয় দিন গ্ৰীণ ইণ্টাৰনেশ্যনেল স্কুলত যুৱ সাহিত্যিক, বিদেশী প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল লেখা , গল্প-কথা আৰু লোক-বৰ্ণনা ,অনুবাদ সাহিত্যৰ বিশ্বজনীন সংযোগ বিষয়ক এক বৌদ্ধিক বিনিময় সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰীয়ে ভাৰতিৰ চহকী সংস্কৃতি অনুস্ঠানো প্ৰদৰ্শন কৰে।
ইয়াৰ পিছতে শিলপুখুৰী স্থিত “ঐতিহ্য এম্পোৰিয়াম” পৰিদৰ্শন কৰি অসমীয়া হাতেৰে নিৰ্মিত থলুৱা সামগ্ৰী, হস্তশিল্প আৰু শৈল্পিক সংস্কৃতিৰ বিষয়ে অতিথিসকলক অৱগত কৰোৱা হয়।
২৭ নৱেম্বৰ, ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০ ৰ সমাপ্তি ঘটে । চাৰিদিনীয়া এই সাহিত্য উৎসৱৰ শেষ দিনটোত এখন বিশেষ আলোচনী উন্মোচন কৰা হয় আৰু আমন্ত্ৰিত অতিথিসকলক সন্মাননা প্ৰদান কৰা হয়। বহুমুখী বৌদ্ধিক বিনিময়, সাহিত্যিক অভিজ্ঞতা আদানপ্ৰদান আৰু সংস্কৃতিক সৌহার্দ্যৰ মাজতে এইবাৰৰ “ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০”ৰ পৰিসমাপ্তি ঘোষণা কৰা হয়।
“ব্যতিক্ৰম আন্তঃৰাষ্ট্ৰীয় লেখক সন্মিলন ৪.০” কেৱল সাহিত্যিক অনুষ্ঠান নহয়; ই হৈছে মানৱতা, সংস্কৃতি, ঐক্য আৰু বিশ্বজনীন সাহিত্যিক সম্প্ৰীতিৰ এক জ্যোতিৰুজ্জ্বল উদাহৰণ। উত্তৰ–পূব ভাৰতৰ সাহিত্যক বৈশ্বিক মানচিত্ৰত সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰাত এই সন্মিলন এবাৰো গুৰুত্বপূর্ণ ভূমিকা পালন কৰি গ’ল।
