ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি

132

ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প’লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ’য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শিক্ষা অনুষ্ঠানে অংশ গ্রহণ কৰাৰ লগতে সমগ্র অঞ্চলটোৰ শৈক্ষিক নেতা, উদ্যোগ বিশেষজ্ঞ, আৰু ছাত্র-ছাত্রীসকলক একত্রিত হয়। অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল পূৱ ভাৰত আৰু ত্ৰিপুৰাৰ মাজত শৈক্ষিক আদান-প্রদানব জৰিয়তে সম্পৰ্কৰ সেতু দৃঢ় কৰি শৈক্ষিক ক্ষেত্ৰখনত আগবঢ়াই নিয়া। ব্যতিক্রম এডোকেচন কনক্লেভ মূখ্য অতিথি হিচাপে উপস্থিত আছিল ত্ৰিপুৰা চৰকাৰ বন তথা বিজ্ঞান প্রযুক্তি আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী অনিমেশ দেৱবৰৰ্মা। আমন্ত্রিত অতিথি পদ্মশ্রী অৰুণোদয় সাহা, জে আই এছ গ্রুপ জেনেৰেল মেনেজাৰ (Business Development) বিদ্যুৎ মজুমদাৰ, আমেৰিকা ৰ ভাৰত একাডেমিক কান্ট্রি মেনেজাৰ অভিক দত্ত, নেপনি গ্রুপ অব ইনষ্টিটিউচন সঞ্চালক বাবুল আলি, সঞ্চালক স্কুল অফ সাইন্স অভিজিত ভট্টাচার্যই, ত্ৰিপুৰা চৰকাৰ স্কুল এডুকেশ্বন প্রাক্তন সঞ্চালক ৰঞ্জিত দেৱনাথ, টেকন’ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ একাডেমিক ডীন অধ্যাপক অজয় কৃষ্ণ সাহা। অনুষ্ঠানত এগছি বন্তি প্রজ্বলনৰ লগতে ৰাষ্ট্ৰীয় সংগীতৰে অনুষ্ঠানটি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে।

আৰম্ভিৰ ভাষণত ত্ৰিপুৰা চৰকাৰ বনমন্ত্রী অনিমেশ দেৱবৰ্মাই কয়, “এই অর্থপূর্ণ সমাৱেশৰ অংশ হ’বলৈ পাই মই আনন্দিত হৈছো। এই প্রেক্ষাগৃহটো মই বহুবাৰ আহিছোঁ কিন্তু ইয়াত সাধাৰণতে মোৰ সন্মুখত ব্যৱসায়ী, ৰাজনীতি বিদ, চৰকাৰী বিষয়াক দেখিছোঁ, কিন্তু আজি মই মোৰ সন্মুখত এনেকৈ ছাত্র ছাত্রীক প্ৰথম বাৰৰ বাবে এনে অনুষ্ঠানত দেখি উৎফুল্লিত হৈছোঁ। ব্যতিক্রম গোষ্ঠী শৈক্ষিক ক্ষেত্রখত নতুন পৰিবৰ্তন অনাৰ যি প্ৰচেষ্টা কৰি আহিছে সৈয়া প্রশংসনীয়। আমাৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে এক গুৰুত্বপূৰ্ণ কনক্লেভৰ আয়েজন কৰাৰ বাবে ব্যতিক্রম গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকৰ এই প্রচেষ্ঠা সফল হোক”।

অনুষ্ঠানৰ বিষয়ে ব্যতিক্ৰমৰ পৃষ্ঠপোষক ড° সৌমেন ভাৰতীয়াই কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, “ব্যতিক্রম শিক্ষা সম্মিলনে শিক্ষা আৰু আকাংক্ষাক সফলতাৰে সেতুবন্ধন কৰিছে। সুনামধন্য প্রতিষ্ঠানসমূহৰ অংশগ্রহণ আৰু সকলোৰে প্ৰেৰণাদায়ক উপস্থিতিত আমি আপ্লুত হৈছো। ব্যতিক্ৰমৰ এই পদক্ষেপ ছাত্র-ছাত্রীক সবলীকৰণৰ দিশত এক নতুন পদক্ষেপ লৱ। উত্তৰ-পূৰ্বাঞ্চল তথা পূব-ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সৈতে ব্যতিক্রম এডুকেশন কনক্লেভ ২.০-এ শৈক্ষিক উন্নয়ন আৰু ছাত্রকেন্দ্রিক আলোচনাৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ পেলাব। এই কনক্লেভৰ জৰিয়তে মই জনাবলৈ পাই সুখি হৈছো যে নৱ প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যত আৰু শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ বাবে আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে এই কনক্লেভৰ আয়োজন কৰিম।”। এই অনুষ্ঠানত টাইমস অফ ইন্ডিয়া নেপনি গ্রুপ অৱ ইনষ্টিটিউচনছ, নেৰিম গ্রুপ অৱ ইনষ্টিটিউটছ, টেকন’ ইণ্ডিয়া ইউনিভার্চিটি ত্ৰিপুৰা, জে আইএছ গ্রুপ, অনলি চে’ফ, এছ আই এইচ এম, এস্পাইৰিং লাইফ, স্টেট বেংক অফ ইণ্ডিয়া হেড লাইন ত্ৰিপুৰা নেশন্যাল, ত্রিপুরা ভবিষ্যতকে ধৰি কেইবাখনো সুনামধন্য প্রতিষ্ঠানে উৎসাহীভাৱে অংশগ্ৰহণ কৰে। ব্যতিক্ৰমৰ এই কনক্লেভে ছাত্ৰ-ছাত্ৰীৰ আকাংক্ষাৰ সৈতে শৈক্ষিক সুযোগসমূহ সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীৰ নিয়োজিততাৰ বাবে এক মঞ্চ সৃষ্টি কৰিছিল। অনুষ্ঠানৰ শেষত নিহাৰিকা দাস আৰু নৱবৌধন সাংস্কৃতিক একাডেমিয়ে এটি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰদৰ্শন কৰে।