বোকাখাতৰ চি আৰ পি এফ শিবিৰত গ্ৰেণেড নিক্ষেপত জড়িত থকাৰ অভিযোগত তিনি ব্য়ক্তিক গ্ৰেপ্তাৰ ।বোকাখাতৰ ৰূপজ্যোতি দাস, তেজপুৰৰ ভৱেশ কলিতা আৰু লখিমপুৰৰ সঞ্জীৱ বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাত জড়িত থকা বুলি চিনাক্ত হোৱা বোকাখাতৰ অংকুৰ দাসৰ লগতে মাষ্টাৰ মাইণ্ডজন এতিয়াও পলাতক হৈ আছে ।” কাজিৰঙাত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে কয় ।বোকাখাতৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ সৈতে ৫ ৰ পৰা ৭ জন লোক জড়িত আছে ৷ ইয়াৰে তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলি কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষী অতিথি গৃহত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে ৷
