অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

64

১৭ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। এইবাৰৰ বাজেট অধিৱেশন সম্পূৰ্ণ ব্যতিক্ৰমভাৱে আৰম্ভ হয়। কিয়নো কোকৰাঝাৰৰ বি টি চি সচিবালয়ত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমখন অধিৱেশন হয়।

প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হয় অসম বিধানসভাৰ অধিৱেশন। ইফালে বাজেট অধিৱেশনৰ বাবে মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্রী-বিধায়কসকলে সোমবাৰে পুৱাই দিছপুৰৰ পৰা পাঁচখন চার্টার্ড বাছযোগে কোকৰাঝাৰলৈ ৰাওনা হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও এই বাছৰে যাত্ৰা কৰে।

যাত্রাপথত বজালীত তেওঁলোকে পুৱাৰ আহাৰ গ্ৰহণ কৰি বি টি চি বিধান পৰিষদীয় ভৱনত দিনৰ ১১ বজাত উপস্থিত হয়। তাৰ পিছত বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হয়। দিছপুৰত প্ৰথমখন অধিবেশন ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব।