কেন্দ্ৰীয় বাজেট ২০২৬–২৭ হৈছে কেৱল এখন “টেমপ্লেট বাজেট”, য’ত পৰিৱৰ্তনশীল বৈশ্বিক পৰিস্থিতিৰ প্ৰতি কোনো বাস্তৱ দৃষ্টিভংগী নাই । কেন্দ্ৰীয় বাজেট ২০২৬–২৭ ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে দেওবাৰে এইদৰে কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে ।
বাজেটে চৰকাৰৰ আত্মসন্তুষ্টি আৰু দায়িত্বহীন মানসিকতাক প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘‘বিশ্ব অৰ্থনীতি দৃঢ় পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত এই বাজেটে দেশবাসীক কোনো স্পষ্ট ৰোডমেপ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷’’
