গুৱাহাটীৰ জীয়ৰী তথা সংবাদ মাধ্যমৰ সৈতে জড়িত থকাৰ সূত্ৰে বৰ্ত্তমান মুম্বাইত থকা গুৱাহাটীৰ জীয়ৰী , উদীয়মান লেখিকা , চিত্ৰনাট্যকাৰ, দৃষ্টিৰূপা দাস (চাকি) ৰ প্ৰথমখন ইংৰাজী উপন্যাস “ডিয়েৰ আৰ্জি” আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। আনহাতে এই উপলক্ষে বিজুলী গোস্বামীৰ স্বৰস্বতী বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব তথা অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱা আৰু বিশিষ্ট লেখিকা বন্দিতা ফুকনে। অভিযন্তা সৃষ্টিৰূপা দাসে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে অসমৰ প্ৰাক্তন শিক্ষা সঞ্চালক ড০ হৰেন্দ্ৰ চন্দ্ৰ দাসে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ জ্যোতি প্ৰসাদ ৰাজখোৱাই ভাষণ প্ৰসংগত দৃষ্টিৰূপা দাসৰ সাহিত্য প্ৰতিভাৰ উচ্চ প্ৰশংসা কৰি আগলৈকে যাতে এনে ধৰণৰ গ্ৰন্থ ৰচনাৰে সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰে তাৰ কামনা কৰে। তেনেদৰে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বন্দিতা ফুকনে ভাষণ প্ৰসংগত মুম্বাইত অতি কৰ্মব্যস্ততাৰ মাজত থাকিও নিৰলস সাহিত্য সৃষ্টিৰে উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰা বাবে লেখিকাৰ শলাগ লয়। অনুষ্ঠানত লেখিকা দৃষ্টিৰূপা দাসে গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে।
অনুষ্ঠানত অসম মহিলা অভিযন্তা ফৰামৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাৰ উপৰিও ডঃ বিভা দাস শইকীয়া , অন্তৰা বৰুৱা, গীতিমালা বৈশ্য , মৃদুলা দাসকে ধৰি ফৰামৰ কেবা গৰাকী সদস্যা, প্ৰাক্তন ছাত্ৰ নেতা বিপুল ৰাভাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল । উল্লেখ্য যে এগৰাকী আবেগিক গল্পকাৰ আৰু চিত্ৰনাট্যকাৰ হিচাপে পৰিচিত দৃষ্টিৰূপা দাসে ইতিমধ্যে কেইবাখনো চুটি ছবি ৰচনা আৰু পৰিচালনা কৰিছে । অসমীয়া ৱেব ছিৰিজ এণ্ডোলিটো আকাক্সৰো আছিল তেওঁ চিত্ৰনাট্যকাৰ। ১৪৯ পৃষ্ঠাৰ “ডিয়েৰ আৰ্জি” উপন্যাসখন এতিয়া আমাজন, ফ্লিপকাৰ্ট, আৰু আগশাৰীৰ অনলাইন কিতাপৰ দোকানত উপলব্ধ হব।
