বিটিআৰৰ পৰিষদীয় নির্বাচন দুর্গা পূজাৰ আগতে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। বাক্সা জিলা বিজেপিৰ উদ্যোগত অদালবাৰীত অনুষ্ঠিত মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে কয়-দুর্গা পূজাৰ আগতে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
পূজাৰ পিচত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰীত বহুকেইটা আঁচনি ৰাইজক দিবলগীয়া আছে। এপ্রিলত বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব । আগষ্টৰ ২০ পৰা ২৫ তাৰিখৰ ভিতৰত বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ব।
বিটিআৰৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ’ব সেইলৈ ৰাজনৈতিক দলসমূহৰ মাজত চলি থকা চৰ্চাৰ মাজতে এই ঘোষণা কৰিছে। কাৰণ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো ৰাদনৈতিক দলৰ বাবে হ’ব একপ্ৰকাৰ ছেমিফাইনেল।
