বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। তামুলপুৰৰ এঘাৰ মাইলত দুৰ্ঘটনাগ্ৰস্ত হয় প্ৰমোদ বড়োৰ কনভয়ৰ বাহনখন।
জানিব পৰা মতে, এই দুৰ্ঘটনাত এগৰাকী আৰক্ষী জোৱান নিহত হোৱাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হৈছে।
নিহত জোৱানজনক ৰাজু কলিতা বুলি চিনাক্ত কৰা হৈছে।
সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ সময়ত বাহনখনত নাছিল প্ৰমোদ বড়ো।
দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
আহত জোৱান কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।09:28 AM
